September 17, 2026 12:49 PM
7
শ্বিলঙৰ মালকি গ্রাউণ্ডত মালকি বজাৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন
মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ মালকি গ্রাউণ্ডত ২৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মালকি বজাৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্বিলঙত বজাৰ আন্তঃগাথঁনি উন্নীতকৰণ উদ্যমৰ অংশ হিচাপে এই প্রকল্প ৰূপায়ন কৰা হ'ব। আনহাতে, স্মার্ট চিটি উদ্যমৰ অধীনত শ্বিলং আৰু ইয়াৰ কাষৰীয়া অঞ্চলত প্ৰায় ১৩০ কোটি ব্যয় সাপেক্ষ আন এটা প্ৰকল্পৰ বাবেও বিনিয়োগ কৰা হৈছে। ৰাজ্য চৰকাৰৰ পুজিৰে ৰূপায়ন কৰিবলগীয়া এই প্রকল্পসমূহৰ ভিতৰত লাবান বজাৰ, প'ল' উন্নয়ন আৰু পদপথৰ ব্যৱসায়ৰ বাবে সুকীয়া বজাৰ আদি অন্য...