উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিবেশন আজি শ্বিলঙত অনুষ্ঠিত হ’ব

● উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিবেশন আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ’বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ’ব।

অধিবেশনত পৰ্যটন, কৃষি আৰু উদ্যানশস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিড’ৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত-হস্তশিল্প, গাখীৰ, কণী, মাছ-মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অর্জনক লৈ উত্তৰ-পূবৰ মুখ্যমন্ত্রীসকলে প্রতিবেদন দাখিল কৰিব।

এই অধিৱেশনত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আৰু অংশীদাৰসকলৰ মাজত উন্নয়নৰ লক্ষ্য সন্দৰ্ভত উমৈহতীয়া মতামত গঢ়ি তোলাৰ লগতে সমন্বিত প্রচেষ্টা গ্রহণ কৰাৰ প্ৰয়াস কৰা হ’ব।

উত্তৰ- পূৰ্বাঞ্চলক ২০৪৭ চনৰ ভিতৰত অৰ্থনৈতিক উন্নয়ন, যোগাযোগ, উদ্ভাৱন, বহনক্ষমতা আৰু সাংস্কৃতিক সমৃদ্ধিৰ প্ৰাণৱন্ত কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উত্তৰ-পূব ভৱিষ্য পৰিকল্পনা ২০৪৭ সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ’ব।

উল্লেখযোগ্য যে ১৯৭১ চনৰ উত্তৰ-পূব পৰিষদ আইনৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা উত্তৰ-পূব পৰিষদে সমগ্ৰ অঞ্চলটোৰ পৰিকল্পনা গ্রহণৰ ক্ষেত্ৰত সৰ্বোচ্চ কর্তৃপক্ষ হিচাপে কাম কৰি আহিছে। এই পৰিষদে অঞ্চলটোত সমন্বিত উন্নয়ন আৰু সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয়বাদ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে।

আজিৰ অনুষ্ঠানত ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ড’নাৰ ৰাজ্য মন্ত্ৰী সুকান্ত মজুমদাৰ, উত্তৰ-পূবৰ ৮ খন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব।