কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি উত্তৰ-পূব খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্বিলঙলৈ আহিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ ম’কাচিয়াঙৰ লাৰিটি পার্ফমেঞ্চ কেন্দ্ৰত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী -NEIINFRA উদ্বোধন কৰিব। তেওঁ লগতে এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ ল’ব।
NEIINFRA-ই নীতি নির্মাতা, উদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে।
দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই অংশগ্ৰহণ কৰিব। এই সন্মিলন উত্তৰ-পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সর্ববৃহৎ সন্মিলন হ’ব বুলি আশা কৰা হৈছে।
শ্ৰী গাডকাৰীয়ে আজি মেঘালয়ত তিনিহাজাৰ ২১৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ছটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা এটা অনুষ্ঠানত ভাগ ল’ব।
এই প্রকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে।