July 27, 2026 9:42 PM

views 18

নীতিন গাডকাৰীক মেটা প্লেটফৰ্ম এক্স কর্প গোগল এল এল চি আৰু অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে দেৱানী গোচৰ ৰুজুৰ অনুমতি বম্বে উচ্চ ন্যায়ালয়ৰ

বম্বে উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক মেটা প্লেটফৰ্ম এক্স কর্প গোগল এল এল চি আৰু অন্যান্য অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা দেৱানী গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান কৰে ।  শ্রীগাডকাৰীয়ে অভিযোগ কৰিছে যে ইথানেল মিশ্রিত ইন্ধন কাৰ্যসূচীৰ পৰা তেঁও আৰু তেওঁৰ পৰিয়াল লাভান্বিত হৈছে বুলি কৃত্রিম বুদ্ধিমত্তা চালিত পোষ্টসমূহে ভুৱা প্ৰচাৰ চলাইছে আৰু এই দাবী ভিত্তিহীন। এনে ধৰণৰ ভুৱা খবৰসমূহৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ শ্ৰীগাডকাৰীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল।

July 13, 2026 6:05 PM

views 13

লক্ষ্ণৌ-কাণপুৰ সংযোগী এক্সপ্ৰেছ ৱেৰ শুভাৰম্ভ

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আজি বিয়লি লক্ষ্ণৌ-কাণপুৰ সংযোগী এক্সপ্ৰেছ ৱেৰ শুভাৰম্ভ কৰিব। তেওঁলোকে পথছোৱা পৰিদৰ্শন কৰি উন্নাৱৰ ৪৯ কিলোমিটাৰত পথছোৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। ৬টা লেনযুক্ত এই এক্সপ্ৰেছ ৱেত দেশৰ দ্বিতীয় দীর্ঘতম এলিভেটেড কৰ্ডিৰ আছে আৰু সম্পূর্ণ স্বয়ংক্রিয় তথা যন্ত্ৰ নিৰ্ভৰ প্ৰযুক্তি শৈলীৰে ইয়াক নিৰ্মাণ কৰা হৈছে। এই পথছোৱাত গতিবেগৰ সীমা নির্ধাৰণৰ বাবে কৃত্রিম বুদ্ধিমত্তা ব্...

July 7, 2026 12:50 PM

views 19

নীতিন গাডকাৰীৰ সভাপতিত্বত নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ পর্যালোচনা বৈঠকত

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ এখন পর্যালোচনা বৈঠকত সভাপতিত্ব কৰে আৰু সমগ্ৰ দেশতে বিকশিত হৈ থকা মাল্টি মডেল লজিষ্টিক পার্ক, ৰ'পৱে, ইন্টাৰম’ডাল ষ্টেচন, আৰু ৱে চাইড এমিনিটিৰ প্ৰকল্প পৰ্যায়ৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে ভৱিষ্যতৰ বাবে সংহত পৰিবহণ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত এই পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এই প্রকল্পসমূহে বহুমুখী সংযোগ শক্তিশালী কৰিব, নতু...

June 15, 2026 9:44 PM

views 20

শ্বিলঙত ৩,২১৪ কোটি টকা ব্যয়সাপেক্ষ ছটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৩ হাজাৰ ২১৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ ছটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্রকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰপূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী...

June 15, 2026 1:19 PM

views 31

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আজি শ্বিলঙলৈ আহিব

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি উত্তৰ-পূব খণ্ডৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্বিলঙলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ ম’কাচিয়াঙৰ লাৰিটি পার্ফমেঞ্চ কেন্দ্ৰত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী -NEIINFRA উদ্বোধন কৰিব। তেওঁ লগতে এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ ল'ব। NEIINFRA-ই নীতি নির্মাতা, উদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদ...

June 12, 2026 4:51 PM

views 29

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ বৃদ্ধিৰ উদ্দেশ্যে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব। মন্ত্ৰী শ্ৰী গাডকাৰীয়ে এই ভ্ৰমণকালত শ্বিলঙৰ লাৰিটি কলা কেন্দ্ৰৰ উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনীত হ'বলগীয়া ঘূৰণীয়া মেজমেলত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে উপস্থিত থাকিব। এই সন্মিলনত আন্তঃগাঁথনি উন্নয়ন, আঞ্চলিক বিকাশৰ বাবে বিনিয়োগৰ সুযোগ, নীতি নির্ধাৰকসকলক সন্মিলিত কৰোৱাৰ লগতে ঔদ...

January 21, 2026 12:08 PM

views 49

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক নীতিন গাডকাৰীৰ অভিনন্দন

 কেন্দ্ৰীয় পথ, পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে ৬ লেনযুক্ত বেংগালুৰু-কাদাপা-বিজয়াৱাড়া ইক'নমিক কৰিড'ৰৰ পেকেজ-২ আৰু পেকেজ-৩ৰ মাজেৰে অবিৰতভাৱে বিটুমিনাছ কংক্রিট পকীকৰণৰ বাবে ৪টাকৈ গিনিজ বিশ্ব অভিলেখ স্থাপন কৰাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষক অভিনন্দন জনাইছে। উন্নত প্রযুক্তি আৰু গুণগত মানদণ্ডৰদ্বাৰা সম্ভৱ হোৱা এই কৃতিত্বই দেশৰ বৰ্ধিত অভিযান্ত্রিক উৎকর্ষতা আৰু ৰূপায়ণ বা সম্পাদন ক্ষমতাক প্ৰতিফলিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই কৃতিত্বই বিশ্বমা...

January 8, 2026 8:12 PM

views 52

নীতিন গাডকাৰীৰ অধ্যক্ষতাত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠক অনুষ্ঠিত

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। শ্রীগাডকাৰীয়ে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত পথ সুৰক্ষা, যাত্ৰী আৰু ৰাইজৰ সুবিধা, ব্যৱসায়িক সূচলতা আৰু যান-বাহন নিয়ন্ত্রণকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিষয় লৈ গঠনমূলক আলোচনা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে পৰিবহন সংবিধানৰ সমবর্তীসূচীৰ বিষয় হোৱা হেতুকে এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঘনিষ্ট সমন্বয় গুৰুত্বপূর্ণ। তেওঁ কয় যে সম নীতিৰ প্ৰৱৰ্তন, সহয...

January 7, 2026 10:01 PM

views 45

বাণিজ্যিকভাৱে পথ নিৰ্মাণত ব্যৱহৃত জৈৱ-বিটুমিন উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত ভাৰত

ভাৰত বাণিজ্যিকভাৱে পথ নিৰ্মাণত ব্যৱহৃত জৈৱ-বিটুমিন উৎপাদন কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে বুলি পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাড়কাৰিয়ে প্ৰকাশ কৰিছে। বিটুমিন হৈছে খাৰুৱা তেলৰ পৰা বিভাজন কৰি প্ৰস্তুত কৰা হাইড্ৰ'কাৰ্বনৰ ক'লা ৰঙৰ ডাঠ মিশ্রণ, যাক পথ নিৰ্মাণত ব্যৱহাৰ কৰা হয়। নতুন দিল্লীত আজি বৈজ্ঞানিক আৰু ঔদ্যোগিক অনুসন্ধান পৰিষদ, চি এছ আই আৰ প্ৰযুক্তি হস্তান্তৰ সমাৰোহত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চি এছ আই আৰক এই ঐতিহাসিক মাইলৰ খুঁটিৰ বাবে অভিনন্দন জনায়। শ্ৰীগাডকাৰীয়ে কয় যে...

December 18, 2025 12:09 PM

views 80

বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে

অসমত যোৱা ৫ বছৰত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। এই সময়ছোৱাত ৰাজ্যখনত ১৫ হাজাৰ ৩০৬ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে। ৰাজ্যসভাত কালি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে এই তথ্য প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ দিগ্বিজয় সিং আৰু ৰঞ্জিত ৰঞ্জনে উত্থাপন কৰা এটা প্রশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত তুলনামূলকভাৱে পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ হ্ৰাস পাইছে। কিন্তু লক্ষণীয়ভাৱে বিগত ৫ বছৰত অসমত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ ২৭.৪৬ শতাংশ বৃদ্ধি পাইছে। সদনত দাখিল কৰা তথ্যমতে ২...