কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ এখন পর্যালোচনা বৈঠকত সভাপতিত্ব কৰে আৰু সমগ্ৰ দেশতে বিকশিত হৈ থকা মাল্টি মডেল লজিষ্টিক পার্ক, ৰ’পৱে, ইন্টাৰম’ডাল ষ্টেচন, আৰু ৱে চাইড এমিনিটিৰ প্ৰকল্প পৰ্যায়ৰ অগ্ৰগতিৰ মূল্যায়ন কৰে। বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে ভৱিষ্যতৰ বাবে সংহত পৰিবহণ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত এই পৰিৱৰ্তনশীল পদক্ষেপসমূহৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এই প্রকল্পসমূহে বহুমুখী সংযোগ শক্তিশালী কৰিব, নতুন অর্থনৈতিক সুযোগ মুকলি কৰিব, সুষম আঞ্চলিক উন্নয়নক প্ৰসাৰিত কৰিব, আৰু পৰিৱহণ খণ্ডত ভাৰতৰ সামগ্রিক ক্ষমতা বৃদ্ধি কৰিব। শ্রী গাডকাৰীয়ে লগতে প্ৰকল্প ৰূপায়ণত প্ৰভাৱ পেলোৱা মূল প্ৰত্যাহ্বানসমূহৰ মূল্যায়ন কৰে। এই প্রকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ হ’লে লজিষ্টিক দক্ষতা বৃদ্ধি পোৱাৰ লগতে পৰিবহণ ব্যয় হ্ৰাস পাব, আৰু যাতায়তৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি আৰু সুবিধা উপলব্ধ হ’ব। প্রকল্পসমূহে বিকশিত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক আৰু অধিক আগুৱাই নিব।
Assamese | July 7, 2026 12:50 PM | Nitin Gadkari
নীতিন গাডকাৰীৰ সভাপতিত্বত নেশ্যনেল হাইৱেজ লজিষ্টিক মেনেজমেণ্ট লিমিটেডৰ পর্যালোচনা বৈঠকত