বম্বে উচ্চ ন্যায়ালয়ে আজি কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক মেটা প্লেটফৰ্ম এক্স কর্প গোগল এল এল চি আৰু অন্যান্য অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এটা দেৱানী গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান কৰে ।
শ্রীগাডকাৰীয়ে অভিযোগ কৰিছে যে ইথানেল মিশ্রিত ইন্ধন কাৰ্যসূচীৰ পৰা তেঁও আৰু তেওঁৰ পৰিয়াল লাভান্বিত হৈছে বুলি কৃত্রিম বুদ্ধিমত্তা চালিত পোষ্টসমূহে ভুৱা প্ৰচাৰ চলাইছে আৰু এই দাবী ভিত্তিহীন। এনে ধৰণৰ ভুৱা খবৰসমূহৰ প্ৰচলন সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ শ্ৰীগাডকাৰীয়ে ন্যায়ালয়ৰ কাষ চাপিছিল।