কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠকত অধ্যক্ষতা কৰে। শ্রীগাডকাৰীয়ে সামাজিক মাধ্যমযোগে কয় যে বৈঠকত পথ সুৰক্ষা, যাত্ৰী আৰু ৰাইজৰ সুবিধা, ব্যৱসায়িক সূচলতা আৰু যান-বাহন নিয়ন্ত্রণকে ধৰি বিভিন্ন গুৰুত্বপূর্ণ বিষয় লৈ গঠনমূলক আলোচনা হয়। মন্ত্ৰীগৰাকীয়ে কয় যে পৰিবহন সংবিধানৰ সমবর্তীসূচীৰ বিষয় হোৱা হেতুকে এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঘনিষ্ট সমন্বয় গুৰুত্বপূর্ণ। তেওঁ কয় যে সম নীতিৰ প্ৰৱৰ্তন, সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ সুদৃঢ়কৰণ আৰু সমগ্ৰ দেশৰ নাগৰিককেন্দ্ৰিক পৰিবহন সমাধানৰ কাৰ্যকৰিতাৰ বাবে এনে ধৰণৰ নিয়মীয়া মত-বিনিময় জৰুৰী।
Assamese | January 8, 2026 8:12 PM | Nitin Gadkari
নীতিন গাডকাৰীৰ অধ্যক্ষতাত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ পথ মন্ত্ৰীসকলৰ বাৰ্ষিক বৈঠক অনুষ্ঠিত