কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ বৃদ্ধিৰ উদ্দেশ্যে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে অহা ১৫ জুনত শ্বিলং ভ্রমণ কৰিব।

মন্ত্ৰী শ্ৰী গাডকাৰীয়ে এই ভ্ৰমণকালত শ্বিলঙৰ লাৰিটি কলা কেন্দ্ৰৰ উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনীত হ’বলগীয়া ঘূৰণীয়া মেজমেলত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে উপস্থিত থাকিব।

এই সন্মিলনত আন্তঃগাঁথনি উন্নয়ন, আঞ্চলিক বিকাশৰ বাবে বিনিয়োগৰ সুযোগ, নীতি নির্ধাৰকসকলক সন্মিলিত কৰোৱাৰ লগতে ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু অন্যান্য অংশীদাৰীসকল উপস্থিত থাকিব।

এই সন্মিলনৰ শেষৰ দিনা কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে শ্বিলংঙৰ প’ল’ গ্রাউণ্ডৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অধ্যক্ষতা কৰিব

এই প্ৰকল্পটোৱে পথ যোগাযোগৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱাৰ লগতে সামগ্ৰী আৰু যাত্ৰী পৰিবহনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে প্রান্তীয় অঞ্চলসমূহৰ সামাজিক, অর্থনৈতিক উন্নয়নত সহায় কৰিব৷