June 15, 2026 9:44 PM | Nitin Gadkari

printer

শ্বিলঙত ৩,২১৪ কোটি টকা ব্যয়সাপেক্ষ ছটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ-পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৩ হাজাৰ ২১৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ ছটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

এই প্রকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰপূৰ্বাঞ্চলৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে।

শ্ৰীগাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ, আঞ্চলিক সংহতি সুদৃঢ়কৰণ আৰু যুৱ প্ৰজন্ম তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে যোগাযোগ আৰু স্থায়ী আন্তঃগাঁথনিৰ প্ৰসাৰৰ লগতে বিনিয়োগ-কেন্দ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দ্রুত আৰু নিৰাপদ যাত্রা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিশ্বমান ঘাইপথ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে।

শ্ৰী গাডকাৰীয়ে এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ কথা। এই সন্মিলনে নীতি নির্মাতা, ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে।

দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই অংশগ্ৰহণ কৰে। এই সন্মিলন উত্তৰ-পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ’ব বুলি আশা কৰা হৈছে।