● মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণৰ বাবে পাঁচজনীয়া সদস্যৰে এখন সমিতি গঠন কৰিছে। এই সমিতিখনে ঐতিহাসিক ৰাজভৱনটোৰ প্ৰদৰ্শনী প্ৰেক্ষাগৃহ আৰু গেলেৰী প্ৰদৰ্শনী সামগ্ৰীসমূহ নিৰীক্ষণ কৰিব। মাহুদৰ সঞ্চালক নাংগম উত্তম সিঙৰ নেতৃত্বত এই সমিতিখন গঠন কৰা হৈছে। এই বিষয়ত কলা আৰু সংস্কৃতিৰ উপসচিব সুনান্দা থকছমে সদস্য সচিব হিচাপে উত্তম সিঙক সহযোগিতা আগবঢ়াব। সমিতিখনৰ অন্য তিনিগৰাকী সদস্য হৈছে- ক্লাৰা ক’ছিনী ফিমু, শশীকান্ত শৰ্মা আৰু নাংগম দিলীপ মৈতেই।
Assamese | October 14, 2025 11:48 AM | Akashvani | Akashvani News | Manipur | North East | Shillong
শ্বিলঙৰ ৰেড লেণ্ডৰ ৰাজবাৰীত ঐতিহাসিক মণিপুৰ ৰাজভৱনৰ পুনৰ নিৰ্মাণৰ কাম নিৰীক্ষণ মণিপুৰৰ ৰাজ্যপালৰ