September 17, 2026 12:49 PM | Shillong

printer

শ্বিলঙৰ মালকি গ্রাউণ্ডত মালকি বজাৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ মালকি গ্রাউণ্ডত ২৪ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ মালকি বজাৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শ্বিলঙত বজাৰ আন্তঃগাথঁনি উন্নীতকৰণ উদ্যমৰ অংশ হিচাপে এই প্রকল্প ৰূপায়ন কৰা হ’ব। আনহাতে, স্মার্ট চিটি উদ্যমৰ অধীনত শ্বিলং আৰু ইয়াৰ কাষৰীয়া অঞ্চলত প্ৰায় ১৩০ কোটি ব্যয় সাপেক্ষ আন এটা প্ৰকল্পৰ বাবেও বিনিয়োগ কৰা হৈছে। ৰাজ্য চৰকাৰৰ পুজিৰে ৰূপায়ন কৰিবলগীয়া এই প্রকল্পসমূহৰ ভিতৰত লাবান বজাৰ, প’ল’ উন্নয়ন আৰু পদপথৰ ব্যৱসায়ৰ বাবে সুকীয়া বজাৰ আদি অন্যতম।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্রী চাংমাই কয় যে, বিনিয়োগৰ উদ্দেশ্য হৈছে অর্থনৈতিক কামকাজ উন্নীত কৰা, ব্যৱসায় বাণিজ্যৰ বাবে উন্নত স্থানৰ সুবিধা প্ৰদান কৰা আৰু জীৱিকাৰ সৃষ্টি কৰা।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।