কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্রীৰ

অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী ক্রমে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড কে চাংমাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰে।কৰ্তব্য ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ মূলধনী ব্যয় বৃদ্ধি কৰা আৰু বাহ্যিক সাহায্যপ্রাপ্ত প্ৰকল্পৰ জৰিয়তে ভৌগোলিক তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন বিনিয়োগৰ পথ মুকলি কৰা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়।

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শর্মাই সামাজিক মাধ্যমযোগে কয়, যে দুয়োখন ৰাজ্যতে বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ গতি ত্বৰান্বিত কৰিবলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক আহ্বান জনোৱা হৈছে। শ্ৰীমতী সীতাৰমণে এই দিশত ইতিবাচক সঁহাৰি জনোৱা বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অঞ্চলটোৰ উন্নয়নমূলক কাৰ্যসূচী আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি আশ্বাস দিছে।

ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি কালিৰ বৈঠকখনে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশ আৰু আন্তঃগাঁথনিৰ ক্ষিপ্ৰ উন্নয়নৰ দিশৰ পৰা বিশেষ তাৎপর্য বহন কৰিছে। আলোচনাকালত দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভৰ লগতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।