September 10, 2026 1:31 PM

views 11

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্রীৰ

অসম আৰু মেঘালয়ত বাহ্যিক সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ গতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্রী ক্রমে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড কে চাংমাই কালি নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰে।কৰ্তব্য ভৱনত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ মূলধনী ব্যয় বৃদ্ধি কৰা আৰু বাহ্যিক সাহায্যপ্রাপ্ত প্ৰকল্পৰ জৰিয়তে ভৌগোলিক তথা আন্তঃগাঁথনি উন্নয়নৰ বাবে নতুন বিনিয়োগৰ পথ মুকলি কৰা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শর্মাই সামাজ...

September 5, 2025 7:06 PM

views 70

ইনাৰ পাৰ্মিট কাৰ্যকৰীকৰণ ক্ষীপ্ৰতাৰে কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই গৃহমন্ত্রী অমিত শ্বাহক আহ্বান

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহক বাংলাদেশ সীমান্তত অবৈধ অনুপ্রবেশ ৰোধ কৰিবলৈ ৰাজ্যখনত ইনাৰ পাৰ্মিট কাৰ্যকৰীকৰণ ক্ষীপ্ৰতাৰে কৰিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি মুখ্যমন্ত্রী চাংমাই শ্ৰীশ্বাহক সাক্ষাৎ কৰি এই কথা প্ৰকাশ কৰে। দুয়োগৰাকী নেতাৰ মাজত কালি অনুষ্ঠিত বৈঠকত অবৈধ প্ৰব্ৰজন নিৰীক্ষণ ব্যসস্থাৰ সমান্তৰালকৈ সীমান্ত ব্যৱস্থাপনা আৰু আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

August 16, 2025 9:09 PM

views 86

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৌহার্দ্যপূর্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে সৌহার্দ্যপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই উভয় ৰাজ্যৰ পাৰস্পৰিক বিকাশ সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। বৈঠকত উভয় ৰাজ্যৰ উন্নয়ন আৰু সহযোগিতামূলক পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়।