মণিপুৰলৈ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ সুৰক্ষা বাহিনী সমূহক নির্দেশ দিয়া হৈছে বুলি গৃহ মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয় এটা বিবৃতিৰ যোগে কৈছে যে দুয়োটা সম্প্ৰদায়ৰ সশস্ত্র দুষ্কৃতিকৰীয়ে হিংসাত লিপ্ত হৈছে আৰু ইয়াৰ ফলত একাংশ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। হিংসা অথবা বিঘটনকামী কাম-কাজৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰালয়ে সকিয়াই দিছে। এই সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ গোচৰসমূহ ফলপ্ৰসূ তদন্তৰ খাতিৰত ৰাষ্ট্ৰীয় তদন্ত সংস্থালৈ হস্তান্তৰ কৰা হৈছে। জনসাধাৰণক শান্তি বৰ্তাই ৰাখিবলৈ, কোনো ধৰণৰ উৰা বাতৰিত ভোল নাযাবলৈ আৰু ৰাজ্যখনত শান্তি-শৃংখলা বৰ্তাই ৰখাৰ বাবে সুৰক্ষা বাহিনীৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনোৱা হৈছে।
Assamese | November 16, 2024 8:17 PM | Manipur | North East
মণিপুৰলৈ শান্তি শৃংখলা ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ সুৰক্ষা বাহিনী সমূহক নির্দেশ গৃহ মন্ত্ৰ্যালয়ৰ