বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে কয়, যে যেতিয়া ভাৰতৰ সুৰক্ষা আৰু আঞ্চলিক অখণ্ডতালৈ ভাবুকি আহিছিল তেতিয়া ৰাছিয়াই বিভিন্ন প্ৰকাৰে ভাৰতৰ প্ৰতি সমর্থন আগবঢ়াইছিল। নতুন দিল্লীত অনুষ্ঠিত ৬২ সংখ্যক মিউনিখ সুৰক্ষা সম্মিলনত ভাষণ দি ড০ জয়শংকৰে কয়, যে যেতিয়া বিশ্বৰ কেইবাখনো দেশে ভাৰতৰ চুবুৰীয়া দেশত সামৰিক শাসনৰ সমৰ্থন কৰিছিল তেতিয়া ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক ভাল আছিল। ভাৰত-ৰাছিয়াৰ সম্পর্ক এই ঐতিহাসিক দিশসমূহৰ জৰিয়তে গঢ় লৈ উঠিছে বুলি ড০ জয়শংকৰে মন্তব্য কৰে। তেওঁ কয়, যে বর্তমান দ্বিপাক্ষিক সম্পৰ্কৰ ব্যাপক প্ৰসাৰ ঘটিছে আৰু ই অর্থনৈতিক সম্পৰ্কৰ ৰূপ লৈছে। দুয়োখন দেশৰ মাজত সম্প্রতি সামৰিক, পৰমাণু আৰু মহাকাশ সহযোগিতাৰ লগতে বৃহৎ পৰিমাণত বাণিজ্য আৰু বিনিয়োগো হৈ আছে বুলি ড০ জয়শংকৰে উল্লেখ কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাছিয়া-ইউক্রেইন সংঘর্ষক দুর্ভাগ্যপূর্ণ বুলি অভিহিত কৰি কয়, যে ভাৰতে এই সংঘৰ্ষৰ অন্ত পৰাটো বিচাৰে আৰু এইক্ষেত্ৰত ভাৰতৰ স্থিতি অতি স্পষ্ট। এই সংঘৰ্ষৰ অন্ত পৰাৰ বাবে আলোচনা আৰু কূটনীতিৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে। বিগত কেইটামান মাহত ভাৰতে কেৱল শান্তি আহ্বানৰ পৰিবৰ্তে এইক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে বুলি স্বীকাৰ কৰি ড০ জয়শংকৰে কয়, যে ভাৰতে ৰাছিয়া আৰু ইউক্রেইন দুয়ো দেশৰ সৈতে আলোচনা কৰি ইয়াৰ সমাধানৰ ক্ষেত্ৰত সহায়ৰ চেষ্টা কৰিলে। এই প্ৰয়াসৰ আৰম্ভণি হিচাপে ব্লেক চি ত জাহাজৰ সুৰক্ষিত চলাচলত গুৰুত্ব দিয়া হয় বুলি তেওঁ প্রকাশ কৰে।