October 5, 2026 11:25 AM | India-Canada Meet

printer

ভাৰত আৰু কানাডাৰ অর্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ বাবে পঞ্চম পৰ্যায়ৰ আলোচনা

ভাৰত আৰু কানাডাই আজি অট’ৱাত প্রস্তাৱিত বিস্তৃত অর্থনৈতিক অংশীদাৰিত্ব চুক্তি (চিইপিএ)ৰ বাবে পঞ্চম পৰ্যায়ৰ আলোচনা আৰম্ভ কৰিব। দুয়োপক্ষই চলিত বৰ্ষৰ শেষৰ ফালে বাণিজ্য চুক্তি সমাপন কৰাৰ লক্ষ্য লৈছে। এই পাঁচদিনীয়া আলোচনা চলিত মাহৰ ৯ তাৰিখলৈকে অব্যাহত থাকিব। যোৱা মাহৰ ১৮ তাৰিখে নতুন দিল্লীত পূৰ্বৰ পৰ্যায়ৰ সামৰণি পৰে।

চলিত বৰ্ষৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্ৰী মার্ক কার্নীয়ে দুয়োখন দেশৰ মাজত চিইপিএৰ বাবে আলোচনা সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত এই বছৰৰ শেষৰ ফালে লক্ষ্য নির্ধাৰণ কৰিছিল আৰু নতুন দিল্লীত হোৱা বৈঠকত শক্তি আৰু জটিল খনিজ খণ্ডত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হৈছিল। তেওঁলোকৰ শীৰ্ষ সম্মিলনৰ পাছত প্রকাশিত যৌথ বিবৃতি অনুসৰি নেতাসকলে আস্থা প্রকাশ কৰে যে বিস্তৃত বাণিজ্যিক কাঠামোৱে অংশীদাৰিত্বৰ বাবে এটা স্থায়ী অর্থনৈতিক সমাধান হিচাপে কাম কৰিব আৰু ২০৩০ বৰ্ষৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য ৪.৬৫ লাখ কোটি টকালৈ সম্প্ৰসাৰণৰ আকাংক্ষাক সমৰ্থন কৰিব।