মণিপুৰৰ উখৰুল জিলাত কালিৰেপৰা ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিকয়ি লিলি মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই কালি শ্বিৰুয়ি গাঁৱৰ হেৰিটেজ গ্ৰাউণ্ডত আয়োজিত অনুষ্ঠানত এই মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে এই মহোৎসৱৰ ভৌগোলিক আৰু সাংস্কৃতিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। এই মহোৎসৱ মণিপুৰত পোৱা দুস্প্রাপ্য প্ৰজাতিৰ শ্বিকয়ি লিলি ফুলৰ সংৰক্ষণ আৰু ইয়াৰ জনপ্ৰিয়কৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। এইবাৰ এই প্ৰজাতিৰ ফুলবিধৰ আৱিষ্কাৰৰ ৭৫ বছৰ পূৰ্ণ হৈছে বুলি উল্লেখ কৰি এয়া ৰাজ্যখনৰ ভৌগোলিক আৰু প্রাকৃতিক ক্ষেত্ৰৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি তেওঁ মন্তব্য কৰে। ইম্ফল নগৰীৰ পৰা ৮০ কিলোমিটাৰ দূৰৈত উখৰুল জিলাত আয়োজিত এই মহোৎসৱৰ বাবে ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহোৎসৱ উপলক্ষে অঞ্চলটোলৈ বহু লোকৰ সমাগম হৈছে। মহোৎসৱৰ অংশ হিচাপে ক্রীড়া, সাহিত্য, দুঃসাহসিক ক্ৰীড়া আৰু অন্যান্য অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
Assamese | May 21, 2025 12:31 PM | Manipur
মণিপুৰত ৫ দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক পৰ্যায়ত পঞ্চম শ্বিকয়ি লিলি মহোৎসৱৰ আয়োজন