মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত হৈ পৰিছে। আমাৰ ইম্ফলৰ সংবাদদাতাই জনোৱা তথ্য অনুসৰি ভাৰতীয় সেনাৰ এটা দলে মণিপুৰ ৰাজ্যিক পৰিবহন বিভাগৰ বাছৰ পৰা মণিপুৰ শব্দটো আঁতৰাবলৈ ৰাজ্যখনৰ সাংবাদিকৰ এটা দলক নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছত কালি কো-অর্ডিনেটিং কমিটী অন মণিপুৰ ইণ্টিগ্রেটি চমুকৈ ক‘কমীয়ে আহ্বান জনোৱা প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাই হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাজভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলক ছত্রভংগ দিয়াবলৈ নিৰাপত্তাৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ফলত কেইবাজনো প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হয়। উল্লেখযোগ্য যে, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীসকলে ইম্ফলত একত্ৰিত হৈ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক বিষয়টোৰ বাবে ক্ষমা খোজাৰ দাবী জনায়। ইপিনে, ক‘ক‘মীৰ নেতৃত্বই প্ৰকাশ কৰা মতে মণিপুৰত সৃষ্টি হৈ থকা সংকট সন্দৰ্ভত আলোচনা কৰাৰ বাবে গৃহমন্ত্ৰ্যালয়ে তেওঁলোকক আমন্ত্রণ জনাইছে। কাইলৈ সংগঠনটোৰ ৭ জনীয়া এটা দলে নতুন দিল্লীত এই বিষয়ে গৃহমন্ত্ৰ্যালয়ৰ সৈতে আলোচনাত মিলিত হ‘ব। আলোচনাত দলটোৱে ভাৰতীয় সেনাই মণিপুৰক অপমান কৰাৰ প্ৰসংগও উত্থাপন কৰিব বুলি সদৰি কৰিছে।
Assamese | May 26, 2025 12:31 PM | Manipur
মণিপুৰক অপমান কৰাৰ অভিযোগত ৰাজ্যখনৰ পৰিস্থিতি পুনৰ উত্তপ্ত