মণিপুৰত ১৩ আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ ছমাহৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন পুনৰ বৃদ্ধি কৰা প্ৰস্তাৱ সন্দৰ্ভত আজি লোকসভাত আলোচনা অনুষ্ঠিত হয়। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্রী নিত্যানন্দ ৰায়ে যোৱা ১৩ ফেব্ৰুৱাৰীত মণিপুৰত বলবৎ কৰা ৰাষ্ট্ৰপতিৰ শাসনৰ ম্যাদ বৃদ্ধিৰ প্ৰতি সদনৰ অনুমোদন বিচাৰে আজি এই প্ৰস্তাৱ উত্থাপন কৰে। প্ৰস্তাৱটো সন্দৰ্ভত হোৱা আলোচনাত ভাগ লৈ কংগ্ৰেছৰ এণ্ট এণ্টনীয়ে ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰে আৰু ৰাজ্যখনত শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস হোৱা বুলি অভিযোগ তোলে। সমাজবাদী পাৰ্টীৰ লালজী বার্মাই ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ পাছতো ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘুৰাই অনাত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰে।
Assamese | July 30, 2025 9:02 PM | Manipur
মণিপুৰত ১৩ আগষ্টৰ পৰা প্ৰযোজ্য হোৱাকৈ ৰাষ্ট্ৰপতিৰ শাসন সন্দৰ্ভত লোকসভাত আলোচনা অনুষ্ঠিত