মণিপুৰত কালি চি আৰ পি এফ, কোৱা, আৰ এ এফ আৰু অসম ৰাইফলছে যুটীয়া অভিযান চলাই যোৱা ২৮ অক্টোবৰত সন্ধানহীন হোৱা দুজন কুকি সম্প্ৰদায়ৰ যুৱকৰ মৃতদেহ উদ্ধাৰ কৰে। সুৰক্ষা বাহিনীয়ে লগতে ৩ জন সন্দেহযুক্ত উগ্ৰপন্থীৰ মৃতদেহো উদ্ধাৰ কৰে। যোৱা শনিবাৰে ননে জিলাত হোৱা গুলীগুলিত উগ্ৰপন্থী কেইজনৰ মৃত্যু হয়। আৰক্ষীয়ে যাৱতীয় আইনী প্ৰক্ৰিয়াকে ধৰি অন্যান্য ব্যৱস্থাসমূহ সম্পন্ন কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িত সকলক চিনাক্ত কৰাৰ উদ্দেশ্যে অঞ্চলটোত অভিযান অব্যাহত ৰাখিছে।
ইপিনে মুখ্যমন্ত্রী য়ুমনাম খেমচান্দ সিঙে মণিপুৰক এখন শান্তিপূৰ্ণ ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত সকলো সম্প্রদায়ক একেলগে কাম কৰিবলৈ আহ্বান জনাইছে।