প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি ৩.৩০ বজাত পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে অসমৰ মাজবাটসহ দেশৰ বিভিন্ন প্ৰান্তৰ ৭৫টা অমৃত ষ্টেচন মুকলি কৰিব।
ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্য, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰে’ল আৰু খাদ্য প্ৰ-সংস্কৰণ উদ্যোগ ৰাজ্য মন্ত্ৰী ৰৱনীট সিং আৰু সাংসদ দিলীপ শইকীয়াই ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত ভাগ ল’ব।
এই ৰেল ষ্টেচনসমূহ অত্যাধুনিক প্লেটফৰ্ম, উন্নত ভৱন, অত্যাধুনিক জিৰণি কক্ষ আৰু যাত্ৰীৰ বাবে উন্নত সুবিধাৰে ন-ৰূপত সজাই তোলা হৈছে।