ভাৰতৰত্ন সন্মানেৰে সন্মানিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতিৰ পর্যালোচনাৰ বাবে আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়।
উল্লেখযোগ্য যে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ২৯ নৱেম্বৰত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সামৰণি অনুষ্ঠানত সংগীত শিল্পীগৰাকীৰ অনন্য অৱদান আৰু কালজয়ী সৃষ্টিৰাজি উদযাপন কৰা হ’ব।
অনুষ্ঠানত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ কথা। তদুপৰি, দেশ-বিদেশৰ প্ৰায় ৫ হাজাৰ গুণমুগ্ধ আৰু বিশিষ্ট শিল্পীয়ে এই অনুষ্ঠানত অংশ ল’ব।