অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন

অসম আৰু গুজৰাটৰ অংশীদাৰিত্বৰে আজি গুজৰাটৰ কাণ্ডলাত এটা ই-মিথানল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। এই প্রকল্পই প্রতিদিনে ১৫০ টন ই-মিথানল উৎপাদন কৰিব।

আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল উপস্থিত থাকে। ২ হেজাৰ ৩শ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত এহেজাৰ ২০০ কোটি টকাৰো অধিক মূলধন বিনিয়োগ কৰা হ’ব৷

এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ শর্মাই কয়, যে এই প্রকল্পই অসমত বহনক্ষম ঔদ্যোগিক বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰিব। প্ৰতিদিনে ১৫০ টন উৎপাদন ক্ষমতা সম্পন্ন এই ই-মিথানল প্ৰকল্পই পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে কম কার্বন নির্গমন অৰ্থনীতিৰ দিশে যাত্ৰাক অধিক ত্বৰান্বিত কৰিব বুলি তেওঁ আশা প্রকাশ কৰে।

এই প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে বছৰি প্ৰায় ৫০ হাজাৰ টন ই-মিথানল উৎপাদন কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে। অসম পেট্ট’ কেমিকেলছ লিমিটেড আৰু দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ অংশীদাৰিত্বত স্থাপন হোৱা এই প্ৰকল্পৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ৩ হাজাৰ ৫০০ৰো অধিক কর্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

দুয়োখন ৰাজ্যৰ প্ৰতিষ্ঠান দুটাৰ সন্মিলিত প্রচেষ্টাৰ জৰিয়তে অসমৰ সম্পদ, প্রতিভা আৰু উদ্যোগৰ সম্ভাৱনাক দেশৰ ঔদ্যোগিক শক্তিৰ সৈতে সংযোগ কৰি উন্নয়নৰ পৰিবেশ গঢ়ি তুলিবলৈ বিচৰা বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে কয়, যে এই ক্ষেত্ৰত অৰ্থনৈতিক প্ৰগতি আৰু পৰিবেশ সংৰক্ষণে অগ্ৰাধিকাৰ লাভ কৰিব।

গুজৰাটত অসমৰ ঔদ্যোগিক পৰিসৰ বৃদ্ধিয়ে নতুন অসমৰ আত্মবিশ্বাসক শক্তিশালী ৰূপত প্ৰতিফলিত কৰা বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে উদ্যোগ খণ্ডত পিছুৱাই থকা ৰাজ্যৰ পুৰণি পৰিচয়ৰ ঠাইত অসম এতিয়া ঔদ্যোগিক ক্ষেত্ৰৰ অগ্ৰণী ৰাজ্য হোৱাৰ দিশে আগবাঢ়িছে।