ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ যাত্ৰা অচিৰেই জাহাজ নির্মাণ উদ্যোগৰ সংযোজন হ’ব। ধাৰাপুৰত ৪৭৫ কোটি টকাৰ বিনিয়োগেৰে এটা জাহাজ নির্মাণ কেন্দ্ৰ স্থাপন কৰা হ’ব।
এই কেন্দ্ৰই জাহাজ, জলযান, মালবাহী নাও আৰু সামুদ্রিক গাথনিৰ আৰ্হি প্ৰস্তুত কৰাৰ পৰা নিৰ্মাণ, সংযোজন আৰু কাৰ্যক্ষম কৰালৈকে বিভিন্ন কামৰ নতুন সম্ভাৱনা মুকলি কৰিব।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰি কয় যে উদ্যোগৰ এই নতুন ক্ষেত্ৰই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু ৰাজ্যখনক শক্তিশালী উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।