দিছপুৰত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰৱচ্ছিন্ন ২৫ বছৰীয়া জনসেৱাৰ যাত্ৰাৰ বিষয়ে বিশেষভাৱে আলোচনা কৰা হয়।
বৈঠকত প্রধানমন্ত্রী মোদীয়ে দেশৰ প্ৰতি আগবঢ়োৱা অভূতপূৰ্ব আৰু অগণন অৱদানত আলোকপাত কৰা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত গ্রহণ কৰা প্ৰস্তাৱসমূহৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে।
মন্ত্রীসভাই গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সেৱাই সমৰ্পণ ভাবধাৰাৰ পৰা কোনো দিন বিচ্যুত হোৱা নাই। ৰাজহুৱা জীৱনৰ কেন্দ্ৰ বিন্দুত নাগৰিকৰ কল্যাণক অগ্ৰাধিকাৰ দি তেওঁ জনসেৱাৰ বিৰল আদৰ্শ দেখুৱাইছে বুলি মন্ত্রীসভাই উল্লেখ কৰে। এই জীৱনযোৰা সাধনাই শ্ৰী মোদীৰ ৰাজহুৱা জীৱনক বিশেষ মর্যাদা প্ৰদান কৰিছে বুলি মন্ত্রীসভাই প্ৰস্তাৱ গ্ৰহণ কৰে।
মন্ত্রীসভাই মত পোষণ কৰে যে, ৰাষ্ট্ৰ প্ৰথম নীতিক মূল আধাৰ হিচাপে লৈ দিয়া নেতৃত্বৰ জৰিয়তে শ্ৰী মোদীয়ে নীতি নিৰ্ধাৰণ আৰু শাসন ব্যৱস্থাক সুস্পষ্ট দিশ প্ৰদান কৰিছে। শ্ৰী মোদীৰ নেতৃত্বতে ২০১৪ৰ পৰা ২০২৩ চনলৈকে প্ৰায় ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে।
আত্ম নিৰ্ভৰ ভাৰতৰ আহ্বানেৰে বিকশিত ভাৰতৰ স্বপ্নদ্রষ্টা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকাশ আৰু ঐতিহ্যৰ মন্ত্ৰৰে জনসাধাৰণক নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰিবলৈ জনোৱা আহ্বানক মন্ত্রীসভাই প্ৰশংসা কৰে।
ইপিনে অসম গৌৰৱ লাভলীনা বৰগোঁহাইৰ সাফল্যৰ জৰিয়তে অনুপ্ৰাণিত হৈ ৰাজ্যখনৰ পৰা আৰু অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰে।
পলাশবাৰী ৰাজহ চক্ৰত লাভলীনা বক্সিং একাডেমী স্থাপনৰ বাবে নিৰ্দিষ্ট ভূমি আবণ্টনৰ ক্ষেত্ৰত প্রিমিয়াম মাচুল এটকালৈ হ্ৰাস কৰাৰ প্ৰস্তাৱত ৰাজ্যিক মন্ত্রীসভাই অনুমোদন জনায়।