July 17, 2026 12:34 PM

views 32

ৰাজ্য চৰকাৰৰ বীৰ আহোম সেনাপতি লাচিত বৰফুকনৰ জীৱনৰ ভিত্তিত হিন্দী চিনেমা নিৰ্মাণৰ পৰিকল্পনা

ৰাজ্যত অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ’ব। সেইদিনা ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভাৰ আয়োজন কৰি হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছিল। সেই অনুসৰি, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা ৬ আগষ্টৰ পৰা নিযুত মইনা আৰু ৭ আগষ্টৰ পৰা নিযুত বাবু আঁচনিও আৰম্ভ...

July 17, 2026 11:34 AM

views 42

ৰাজ্যত সাময়িকভাৱে বন্ধ হৈ থকা চৰকাৰী জনকল্যাণমূলক আঁচনিসমূহ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে সাময়িকভাৱে বন্ধ কৰি ৰখা কেইবাখনো জনকল্যাণমূলক আঁচনি আগষ্টৰ পুনৰ আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে। সেই অনুসৰি অহা ৩ আগষ্টৰ পৰা অৰুণোদয় আঁচনি আৰম্ভ কৰা হ’ব। ৰাজ্যৰ প্ৰতিখন পঞ্চায়ততে ৰাজহুৱা সভা আয়োজন কৰি হিতাধিকাৰীসকলক সেইদিনা আনুষ্ঠানিকভাৱে এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰা হ'ব। ইফালে, ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছতে অহা ৬ আৰু ৭ আগষ্টৰ পৰা নিযুত ম‍ইনা আৰু নিযুত বাবু আঁচনিও আৰম্ভ কৰা হ'ব বুলি তেওঁ জ...

July 11, 2026 7:02 PM

views 47

গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়, যে বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল-সলনি কৰা হ'ব। ড° শৰ্মাই কয়, যে এই সমন্বয়ক্ষেত্ৰত অগমেণ্টেদ ৰিয়েলিটি, ভার্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্রযুক্তি সংযোজিত কৰা হ'ব। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ...

July 11, 2026 5:45 PM

views 22

গুৱাহাটীৰ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ববন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ’বঃ মুখ্যমন্ত্ৰী

গুৱাহাটীৰ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ববন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়, যে এই সমন্বয়ক্ষেত্ৰত অগমেণ্টেদ ৰিয়েলিটি, ভার্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্রযুক্তি সংযোজিত কৰা হ'ব । ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব...

July 10, 2026 6:46 PM

views 25

এইবাৰৰ বাজেট চৰকাৰৰ সংকল্প পত্ৰত থকা প্রতিশ্রুতিসমূহ বাস্তবায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলনঃ মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্প পত্ৰত থকা প্রতিশ্রুতিসমূহ বাস্তবায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। ২০২৬-২৭ বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ড° শৰ্মাই কয়, যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয়, যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে যাৰ পৰা সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষ...

July 7, 2026 6:01 PM

views 25

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে

ৰাজ্যত মাদক দ্রব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বিধানসভাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যত মাদক দ্রব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ড০ শৰ্মাই কয়, যে আৰক্ষীয়ে মাদক দ্রব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অপৰাধীয়ে আইন হাতত তুলি ল'লে আৰক্ষীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয় আৰু সমালোচনাৰ সন্মুখীন হয়। এ...

July 4, 2026 7:58 PM

views 25

শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্রদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্রকাশ

শোণিতপুৰ জিলাৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে, বৰজুলিক জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বতৰা। অসমৰ থলুৱা বনৰীয়া ধানৰ প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ স্বীকৃতিয়ে ৰাজ্যৰ সমৃদ্ধ কৃষি ঐতিহ্য, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতাক প্ৰতিষ্ঠা কৰিছে বুলি ...

July 2, 2026 7:37 PM

views 27

দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্রকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱ...

July 2, 2026 6:59 PM

views 25

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱ...

June 26, 2026 1:57 PM

views 37

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ'ব। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতিৰ অংশ হিচাপে কালি গুৱাহাটীৰ লোকসেৱা ভৱনত ১৩ টা বিভাগত বাজেট প্রস্তাৱৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এইদৰে মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে জনমুখী আৰু উন্নয়নমুখী বাজেটৰ জৰিয়তে অসমৰ সামগ্রিক বিকাশ ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে এখন জনমুখী বাজেট প্রস্তুত কৰাৰ লক্ষ্যৰে বিভিন্ন দল-সংগঠন, ব্যক্তিৰ পৰা পৰামৰ...