August 11, 2026 1:29 PM
22
সাম্প্ৰতিক বানত ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্রশাসনক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনসংস্থাপনৰ কামকাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ' কনফাৰেন্স যোগে ভাগ লোৱা পৰ্যালোচনা বৈঠকখনতে মুখ্যমন্ত্ৰীয়ে বানত ক্ষতিগ্রস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয...