June 24, 2026 2:05 PM

views 31

ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰৰ বৈধ্যতাৰ সময়সীমা ৩০ জুনৰ পৰিৱৰ্তে ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ

ৰাজ্যিক মন্ত্রীসভাই ভূমি ৰূপান্তৰ বিধি অধিক সৰল কৰি তোলাৰ উদ্দেশ্যে অসম ভূমি পুনৰ শ্ৰেণীভুক্তকৰণ তথা হস্তান্তৰ নিয়ন্ত্রণ সংশোধনী বিধেয়ক ২০২৬ ত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত কয়, যে ৰাজ্যত উদ্যোগিক আৰু বাণিজ্যিক বিনিয়োগত উদগনি যোগোৱাৰ লক্ষ্যৰে প্ৰস্তুত কৰা এই বিধেয়কখন বিধানসভাৰ আসন্ন বাজেট অধিবেশনত উত্থাপন কৰা হব। ইয়াৰ অধীনত ক্ষুদ্র, খাদী উদ্যোগ আৰু সৌৰ শক্তি প্রকল্প স্থাপনৰ বাবে স্বয়ংক্রিয়ভাৱে ভূমি ৰূপা...

June 21, 2026 7:00 PM

views 57

লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট প্রস্তুতিমূলক বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্রস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পাম সমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত কেইবাটাও পদক্ষেপ পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ মিত্ৰতা আগুৱাই নিয়া সন্দর্ভত এখন...

June 15, 2026 1:13 PM

views 39

আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিবঃ মুখ্যমন্ত্ৰী

অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয়, যে সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্রকাশ কৰে। তেওঁ লগতে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহো অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দি...

June 14, 2026 7:39 PM

views 28

বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন

বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেবী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে- মানৱতাৰ বাবে এটোপাল, ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশ্ব ৰক্তদাতা দিবস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামুহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে স্বাস্থ্য খণ্ডত প্রয়োজন হোৱা পৰিশোধিত ...

June 10, 2026 11:00 AM

views 45

ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা ২ শতাংশ অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিবঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

● ৰাজ্যিক কৰ্মচাৰীয়ে অহা জুলাইৰ পৰা ২ শতাংশ অতিৰিক্ত মৰগীয়া বানচ লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমক এই কথা উল্লেখ কৰি কয়, যে চৰকাৰৰ এই সিদ্ধান্তৰ জৰিয়তে ৮ লাখৰো অধিক ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰ লাভান্বিত হ'ব। ৰাজ্য চৰকাৰে অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ বৰ্তমানৰ ৫৮ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি পাব। উল্লেখযোগ্য যে মন্ত্ৰীসভাৰ শেহতীয়া বৈঠকত ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া ...

June 10, 2026 10:43 AM

views 37

২০৩০ চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ’ব— মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

● ২০৩০ চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত কালি ‘ব্লু ভেলী ক্লাষ্টাৰ’ উদ্যম মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ'ব। অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ পৰিব। কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে কৰা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক ...

June 9, 2026 6:11 PM

views 27

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ সংঘ-এফ ই বি আই, ইণ্ডিয়াৰ সৈতেও ফলপ্রসূ আলোচনাত মিলিত হয়। ইউৰোপৰ ২৫০ টাৰো অধিক প্ৰতিষ্ঠান আৰু ছহেজাৰৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসম...

June 8, 2026 7:32 PM

views 21

লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্রকল্পসমূহৰ অগ্ৰগতি পর্যালোচনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্রকল্পসমূহৰ অগ্ৰগতি পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সর্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্রসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অর্থাৎ‍ নাবার্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কর্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে।...

June 8, 2026 6:43 PM

views 34

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ দপ্তৰসমূহ আজি বিতৰণ কৰা হয়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শৰ্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্ৰীসভাৰ দপ্তৰসমূহ আজি বিতৰণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। গৃহ, ৰাজনৈতিক পৰিক্ৰমা, লোক নিৰ্মাণ, শক্তি, তথ্য আৰু জনসংযোগকে ধৰি কেইবাটাও বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতত ৰাখিছে। অশ্বিনী ৰায় সৰকাৰক সামাজিক ন্যায় আৰু সৱলীকৰণ, ভূমি সংৰক্ষণ, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে। অশোক সিংহলক স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা, শিক্ষা আৰু গৱেষণা, বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উ...

June 6, 2026 3:10 PM

views 48

অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ১.৫০ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি ২ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে

অসম চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ১.৫০ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি ২ কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। ড° শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজিৰ ২ কোটি টকাৰ ভিতৰত ১০ শতাংশ টকা অন্যান্য ব্যয়ৰ বাবে ধৰা হ'ব। অর্থাৎ ১ কোটি ৮০ লাখ টকা মূল পুঁজিৰ বাবে ব্যৱহাৰ হ'ব আৰু ২০ লাখ টকা অন্যান্য কামত খৰচ হ'ব। অহা সাতদিনৰ ভিতৰত নতুন মন্ত্ৰীসকলক দপ্তৰ বিতৰণ আৰু আজিৰ ভিতৰতে ...