লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাজেট প্রস্তুতিমূলক বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত কৃষি, জলসিঞ্চন, জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে বাজেট প্রস্তুতিমূলক এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যজুৰি জলসম্পদ ব্যৱস্থাপনা শক্তিশালী কৰাৰ লগতে জলসিঞ্চনৰ সুবিধা ত্বৰান্বিত কৰাৰ উপৰি কৃষি পাম সমূহৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ উদ্দেশ্যে প্ৰস্তাৱিত কেইবাটাও পদক্ষেপ পর্যালোচনা কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰগতি ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা তথা ব্যক্তিগত খণ্ডৰ মিত্ৰতা আগুৱাই নিয়া সন্দর্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিকশিত অসম, ২০৪৭ ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে গ্রহণ কৰিবলগীয়া বিত্তীয় পথসমূহ আলোচনা কৰা হয়।

তদুপৰি আন্তঃগাঁথনি উন্নয়নৰ লগতে বিনিয়োগ চালিত প্ৰগতিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই বৈঠকত চিকিৎসা তথা নাৰ্ছিং মহাবিদ্যালয়সমূহৰ প্ৰগতি পৰ্যালোচনা কৰা হয় বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। তেওঁ কয় যে এই বৈঠকত সংশ্লিষ্ট বিষয়াসকলৰ লগত পাম্পদ ভড়াল প্রকল্পকে ধৰি শক্তি আন্তঃগাঁথনিৰ বিভিন্ন দিশ আলোচনা কৰা হয়।