শোণিতপুৰৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণৰ ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্রদানক লৈ মুখ্যমন্ত্ৰীৰ সন্তুষ্টি প্রকাশ

শোণিতপুৰ জিলাৰ বৰজুলিক ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদান কৰা বিষয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে, বৰজুলিক জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বতৰা।

অসমৰ থলুৱা বনৰীয়া ধানৰ প্ৰজাতি সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই পদক্ষেপৰ স্বীকৃতিয়ে ৰাজ্যৰ সমৃদ্ধ কৃষি ঐতিহ্য, জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি দায়বদ্ধতাক প্ৰতিষ্ঠা কৰিছে বুলি তেওঁ কয়। ইয়াৰ ফলত জলবায়ু সহনশীল কৃষি ব্যৱস্থা আৰু কৃষি গৱেষণাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হ’ব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণৰ ক্ষেত্ৰত এই প্ৰকল্পই লেখত ল’বলগীয়া সাফল্য অর্জন কৰিছে। বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্রাকৃতিকভাৱে উৎপন্ন এলকাতে ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

দেশৰ চহকী বনৰীয়া ধানৰ বিচিত্ৰতাৰ সংৰক্ষণ আৰু সকলো পৰিস্থিতিৰ বাবে অনুকূল কৃষিৰ প্ৰসাৰৰ দিশৰ পৰা এই স্বীকৃতি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনৰ ৰাষ্ট্ৰীয় উদ্ভিদ জিনীয় সমল ব্যুৰোৱে অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য পৰিষদৰ সহযোগত ২০২২ চনৰ পৰা এই প্ৰকল্প ৰূপায়ণ কৰি আছে৷