মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিশদভাৱে আলোচনা কৰে।

সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। তেওঁ কয় যে অনাগত সময়ত তেওঁলোকে এই অৱধাৰণাসমূহ ফলাফললৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰিব আৰু ইয়াৰ ফলত অসম দেশৰ গুৰুত্বপূৰ্ণ মীন উৎপাদন তথা ৰপ্তানি কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।

দুগ্ধ উৎপাদন খণ্ড সন্দৰ্ভত ড০ শৰ্মাই কয় যে বৈঠকত পশু চিকিৎসা সুবিধাৰ সম্প্ৰসাৰণ, পশু ঔষধী কেন্দ্ৰ স্থাপন, টেট্রাপেক তথা দুগ্ধ পাউদাৰ প্ৰকল্প স্থাপন আৰু কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ শ্ৰীবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দুগ্ধ সমবায় খণ্ডৰ সুদৃঢ়কৰণক লৈ আলোচনা কৰা হয়৷

কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাৰ অন্তত সামাজিক মাধ্যমযোগে মীন খণ্ডত অসমত অপাৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰক লৈ আলোচনা কৰা বুলি প্ৰকাশ কৰে। আলোচনাৰ ফলাফলক লৈ আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্রচেষ্টাই অসমৰ মীন আৰু দুগ্ধ উৎপাদন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰিব।

এই প্ৰচেষ্টাই ৰাজ্যখনৰ কৃষক, উদ্যমী আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড০ কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

ইয়াৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে। সাক্ষাৎ কালত ৬০ শৰ্মাই অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ অহাৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বানত ক্ষতিগ্রস্ত প্ৰতিগৰাকী লোকৰ জীৱন জীৱিকা স্বাভাৱিক কৰি তোলাৰ বাবে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে তৎপৰতাৰে কাম আগবঢ়াই নিব।

দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসামৰিক বিমান পৰিবহন মন্ত্ৰী কিঞ্জাৰা ৰামমোহন নাইডুৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহন খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা সম্পর্কে বিস্তৃতভাৱে আলোচনা কৰে।

তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূর্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংছ’, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত ছটা গ্রীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপ’ৰ্টৰ কাম-কাজৰ অগ্ৰগতিৰ পর্যালোচনা কৰে।

শিলচৰৰ নতুন বিমান বন্দৰৰ অধিকাংশ প্রস্তুতিমূলক কাম সম্পূৰ্ণ হৈছে আৰু প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়ক অনুৰোধ জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ড০ শৰ্মাই কয় যে আজি বৈঠকত ৰূপসী বিমান বন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰবাছৰ সহযোগত অসমত বিমান পৰিবহন কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।