আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিবঃ মুখ্যমন্ত্ৰী

অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয়, যে সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব।

এই সন্দৰ্ভত জুলাইত উত্থাপন হ’বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্রকাশ কৰে। তেওঁ লগতে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহো অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দিয়ে।

ড° শৰ্মাই গুৱাহাটীৰ ৰিং ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিড’ৰৰ লগতে ১৮ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া নুমলীগড় আৰু গহপুৰৰ মাজৰ সুৰংগ কাম শীঘ্ৰেই আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে।

তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে ৪ টা লেনযুক্ত পথ, গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰ্ডিৰ, শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱে আদিকে ধৰি বহুকেইটা নতুন প্ৰকল্পৰ কামো বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

ড° শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ৫০০ কোটি টকাৰ উন্নয়নমূলক পুঁজিত অনুমোদন জনোৱা হৈছে বুলি জানিবলৈ দিয়ে।