বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি অসমৰ বিভিন্ন ঠাইত ৰক্তদান শিবিৰৰ আয়োজন

বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাসেবী সংস্থাৰ উদ্যোগত ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰক্তদানৰ প্ৰতি বিশ্বজুৰি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে- মানৱতাৰ বাবে এটোপাল, ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিশ্ব ৰক্তদাতা দিবস উপলক্ষে সংবাদ মাধ্যমযোগে দিয়া এটা বাৰ্তাত জনসাধাৰণৰ সামুহিক স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰত ৰক্তদাতাসকলৰ অপৰিসীম ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়, যে স্বাস্থ্য খণ্ডত প্রয়োজন হোৱা পৰিশোধিত ৰক্ত কেৱল স্বেচ্ছামূলক ৰক্তদাতাসকলৰ জৰিয়তে পূৰণ কৰিব পাৰি। এই নিঃস্বার্থ সেৱাৰ বাবে ৰক্তদাতাসকলৰ ওচৰত চিৰ কৃতজ্ঞ বুলি তেওঁ উল্লেখ কৰে।মুখ্যমন্ত্রীয়ে লগতে অনুজ্ঞাপ্রাপ্ত ৰক্ত কেন্দ্ৰ আৰু চৰকাৰী ৰক্ত কেন্দ্ৰৰ পৰাহে ৰক্ত গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। ৰক্তদানৰ জৰিয়তে এখন সুস্থ সমাজ গঢ়াৰ বাবেও তেওঁ জনসাধাৰণক আহ্বান জনায়।

বিশ্ব ৰক্তদাতা দিৱসৰ সৈতে সংগতি ৰাখি আজি ডিফু ক্লাবত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ডিফু ক্লাৱ মাৰোৱাৰী যুৱ মঞ্চ আৰু সামাজিক সংগঠন স্বপ্নলোক সমাজৰ সহযোগত আয়োজিত এই শিবিৰত বিভিন্ন লোকে স্বেচ্ছাই ৰক্তদান কৰে। এই শিবিৰত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ চিকিৎসক-কর্মচাৰীসকলে সহযোগ কৰে।

দৰঙতো আজি মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৰক্তকেন্দ্ৰৰ উদ্যোগত স্বেচ্ছামূলক ৰক্তদাতা আৰু ৰক্তদান সংস্থাৰ প্ৰতিনিধিক সম্বর্ধনা জনোৱা হয়। ইয়াৰ লগতে ৰক্তদান সজাগতামূলক শোভাযাত্রা, সভা আদিৰ আয়োজনেৰে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়।

যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতালত অনুষ্ঠিত ৰক্তদান শিবিৰত কেন্দ্রীয় মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ কামাখ্যা প্রসাদ তাচা, বিধায়ক ৰূপজ্যোতি কুর্মীকে ধৰি বিভিন্নজনে অংশগ্ৰহণ কৰে। শ্রীমাৰ্ঘেৰিটাই ৰক্তদান কৰা স্বেচ্ছাসেৱকসকলৰ নিঃস্বার্থ সেৱাৰ প্ৰশংসা কৰে। এই দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিয়াল আৰু ৰুদ্ৰাক্ষী নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানে ৫৬ বাৰকৈ ৰক্তদান কৰা জিলাখনৰ বসন্ত দত্ত নামৰ লোকজনক বিশেষভাবে সম্মানিত কৰে।

নগাওঁ জিলাৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ তথা মাৰোৱাৰী সম্মিলনৰ সহযোগত ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে ৰক্তদান সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে চিকিৎসালয়খনৰ সভাগৃহত এখন সভাৰো আয়োজন কৰা হয়। এই শিবিৰত ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী, অর্ধসামৰিক বাহিনীৰ জোৱানসকলে ৰক্তদান কৰে। অনুষ্ঠানত অংশ লৈ নগাওঁ-বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মাই ৰক্তদান জীৱন দান আৰু মানৱতাৰ সেৱা বুলি উল্লেখ কৰে। ৰক্তদান সন্দৰ্ভত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰিবলৈ বিধায়কগৰাকীয়ে আহ্বান জনায়।