CMOনলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুছিৰ শ’লমাৰীত স্থাপন কৰা পেপছিক’ উদ্যোগটোৰ উৎপাদন কার্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি শুভাৰম্ভ কৰিব। অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু টিহুৰ বিধায়ক তথা প্রাক্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকিব।
এই অনুষ্ঠানৰ বাবে নলবাৰী জিলা প্ৰশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ উদ্যোগিক বিকাশ, স্থানীয় অর্থনৈতিক উন্নয়ন আৰু কৰ্ম সংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।
৭৭৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা পেপছিক’ গ্রীণ ফিল্ড খাদ্য উৎপাদন কোম্পানীটোত কমেও ৫০০ লোকে প্রত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্ম সংস্থাপন লাভ কৰিব। ইয়াত ৭৫ শতাংশ মহিলা কৰ্মচাৰীয়েও নিয়োগৰ সুবিধা লাভ কৰিব। কাৰখানাৰ উৎপাদন ক্ষমতা বছৰি ২২ হাজাৰৰ পৰা ২৩ হাজাৰ মেট্রিকটন বুলি প্ৰকাশ কৰা হৈছে।