বানেকুছিৰ শ’লমাৰীত স্থাপন কৰা পেপছিক উদ্যোগটোৰ উৎপাদন কার্যৰ শুভাৰম্ভ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰী জিলাৰ টিহু সমষ্টিৰ বানেকুছিৰ শ’লমাৰীত স্থাপন কৰা পেপছিক উদ্যোগটোৰ উৎপাদন কার্যৰ শুভাৰম্ভ কৰে।

উদ্বোধনী ভাষণ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই উদ্যোগত ২০০ গৰাকী যুৱক-যুৱতী প্রত্যক্ষ সংস্থাপন দিয়াৰ লগতে আন ৫০০ গৰাকী লোকক পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ আগবঢ়োৱা হৈছে। তেওঁ কয় যে বৰ্তমান সময়ত আলুৰ পৰা চিপছ উৎপাদন কৰা এই উদ্যোগটোৰ বাবে ৩০ হাজাৰ মেট্রিক টন আলুৰ প্ৰয়োজন হ’ব।

২০৩০ চনৰ ভিতৰত এই প্রয়োজন ৭০ হাজাৰ মেট্রিক টনলৈ বৃদ্ধি পাব বুলিও তেওঁ কয়। এই উদ্যোগটোত প্রয়োজন হোৱা আলু খেতিৰ বাবে কৃষকসকলে কে চি চিৰ জৰিয়তে বীজ ক্ৰয়ৰ বাবে ঋণ লাভ কৰিব। ইয়াৰ জৰিয়তে নামনি অসমৰ ৭ হাজাৰ কৃষক উপকৃত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ৭৭৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা পেপছিক’ গ্রীণ ফিল্ড খাদ্য উৎপাদন কোম্পানীটোত ৭৫ শতাংশ মহিলা কৰ্মচাৰীয়ে নিয়োগৰ সুবিধা লাভ কৰিব। উদ্যোগটোৰ উৎপাদন ক্ষমতা বছৰি ২২ হাজাৰৰ পৰা ২৩ হাজাৰ মেট্ৰিক টন বুলি প্ৰকাশ কৰা হৈছে।

অনুষ্ঠানত টিহুৰ বিধায়ক তথা প্রাক্তন মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। নলবাৰীত এই বৃহৎ উদ্যোগ স্থাপনৰ জৰিয়তে জিলাখনৰ উদ্যোগিক বিকাশ, স্থানীয় অর্থনৈতিক উন্নয়ন আৰু কৰ্ম সংস্থাপনৰ নতুন সুযোগ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।