অসম সম্প্ৰতি উন্নয়নৰ নতুন পৰ্যায়ত উপনীত হৈছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিগত বছৰকেইটাত ৰাজ্যৰ আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা আৰু ঔদ্যোগিক ভেটি সুদৃঢ় হৈছে আৰু ইয়াৰ ফলত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে যোগাযোগ শক্তিশালী হৈ উঠিছে।
ৰাজ্যৰ জনসাধাৰণ আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰি উন্নয়নৰ এই প্ৰক্ৰিয়া আগুৱাই নিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
তেওঁ কয়, যে আন্তঃগাঁথনিয়ে ৰাজ্যখনক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ কাষ চপাই নিব পাৰে, কিন্তু উদ্যমীসকলে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে ফেৰ মাৰিব পৰা সামগ্রী উৎপাদন কৰিব লাগিব। ৰাজ্যৰ উন্নয়নৰ বাবে উদ্যমশীলতা মূল আধাৰ বুলি তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত আজি বিয়লি গুৱাহাটী ৰানৰ ঘোষণা হ’ব বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানত কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ উপস্থিত থাকিব বুলি তেওঁ উল্লেখ কৰে।