আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ’লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান- ইছৰ’ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয়।
তেওঁ ৰাজ্যৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ আহ্বান জনায়। ইছৰ’ৰ অধ্যক্ষ ড° ভি নাৰায়ণনৰ উপস্থিতিত গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সোণাপুৰৰ ছায়েন্স চিটী আৰু মহাকাশ গৱেষণা কেন্দ্ৰৰ সৈতে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক জড়িত কৰাৰ চেষ্টা চলোৱা হ’ব।
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বিজ্ঞান শিক্ষাৰ প্রতি আগ্রহ কম হোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয়, যে চন্দ্ৰপুৰৰ ২০০ বিঘা ভূমিত নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নিৰ্মাণ হ’বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতি- বিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব।
মুখ্যমন্ত্ৰী ড° শৰ্মাই এসময়ত দেশৰ প্ৰধান প্ৰযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয় বুলি উল্লেখ কৰে।
ড° শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দুবছৰ পূৰ্বে ইছৰ’ই অসমত এই মহাকাশ গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰক প্ৰস্তাৱ দিছিল।
ইয়াৰ পাছত চন্দ্ৰপুৰৰ পূৰ্বৰ তাপ বিদ্যুৎ প্রকল্পৰ ভূমিত এই গৱেষণা কেন্দ্ৰ স্থাপনৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা এই কেন্দ্ৰটোত ডাৱৰ গৱেষণাৰ বাবে প্ৰথমটো ৰাডাৰ স্থাপন কৰা হ’ব।