উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰ’টন থেৰাপী প্রকল্প ৰূপায়ণৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি এখন চুক্তি স্বাক্ষৰ কৰা হয়।
দিছপুৰৰ লোকসেৱা ভৱনত অসম চৰকাৰ আৰু আই বি এ পার্টিকল থেৰাপী ইণ্ডিয়া প্রাইভেট লিমিটেডৰ মাজত স্বাক্ষৰিত এই চুক্তি অনুযায়ী ৰাজ্যত এটা প্ৰ’টন বীম থেৰাপী কেন্দ্ৰ স্থাপন কৰা হ’ব। ৬০০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া এই প্ৰকল্পৰ বাবে বিশ্ব বেংকে ৩১৫ কোটি টকাৰ পুঁজি আগবঢ়াব। এই প্রকল্পই উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগীসকলৰ বাবে অত্যাধুনিক ৰেডিয়েচন থেৰাপীৰ সুবিধা প্ৰদানৰ লগতে ৰাজ্যত কৰ্কট ৰোগ নিৰাময়ৰ পৰ্যায়ভিত্তিক চিকিৎসা সেৱা শক্তিশালী কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে।
তেওঁ কয়, যে এমাহৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ন-ৰূপত নিৰ্মাণৰ কাম আৰম্ভ হ’ব। ড০ শৰ্মাই কয়, যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৪০ শতাংশ বিভাগ ১৬ নবেম্বৰৰ পৰা পাণবজাৰৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ স্থানান্তৰিত কৰা হ’ব। তেওঁ লগতে গোৱালপাৰা চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্য শীঘ্ৰে আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে। ৰাজ্যত কেঞ্চাৰ গ্ৰীডৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ প্রচেষ্টা অব্যাহত আছে বুলি তেওঁ উল্লেখ কৰে৷
অসমত স্থাপন হ’বলগীয়া প্ৰ’টন থেৰাপী প্ৰকল্পৰ চুবুৰীয়া ৰাজ্য আৰু দেশসমূহৰ বাবে ৰেফাৰেল কেন্দ্ৰ হিচাপে সেৱা আগবঢ়োৱাৰ উপৰি চিকিৎসা পদার্থ বিজ্ঞান, ৰেডিয়েচন অংক’লজী আৰু গৱেষণাৰ ক্ষেত্ৰত দক্ষতা বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত চিকিৎসা মন্ত্ৰী অশোক সিংহল আৰু আই বি এ পার্টিকল থেৰাপী ইণ্ডিয়া প্রাইভেট লিমিটেডৰ বিষয়াসকলকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, যে ৰাজ্য চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বাবে ছশ কোটি টকাৰ প্ৰ’টন বীম থেৰাপী ক্ৰয় কৰিবলৈ বেলজিয়ামৰ আই বি এ নামৰ কোম্পানীৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে।
তেওঁ কয়, যে এই আহিলা ৩ বছৰৰ ভিতৰত স্থাপন কৰা হ’ব আৰু ৰাজহুৱা স্বাস্থ্যসেৱা প্ৰণালীৰ অধীনত স্থাপন কৰা এয়া দেশৰ প্ৰথমটো এনেধৰণৰ আহিলা হ’ব। তেওঁ কয়, যে এই উদ্যমে কৰ্কট ৰোগৰ উন্নত চিকিৎসা অধিক বহনক্ষম কৰি তুলিব আৰু চিকিৎসা পৰ্য্যটন থলী হিচাপে অসমৰ স্থিতি সৱল কৰি তুলিব।