November 6, 2026 9:59 AM | Unesco

printer

কলহনৰ ৰাজতৰংগিনি, মহাভাৰত আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰক ইউনেস্কোৰ বিশ্ব স্মৃতিপঞ্জীত অন্তৰ্ভূক্ত

কলহনৰ ৰাজতৰংগিনি, মহাভাৰত আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰক ইউনেস্কোৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বিশ্ব স্মৃতিপঞ্জীত অন্তৰ্ভূক্ত কৰা হৈছে। ইণ্ডোনেছিয়াৰ জাকার্টাত অনুষ্ঠিত একাদশ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই গ্রন্থ অন্তৰ্ভূক্ত কৰাৰ পাছত পঞ্জীত অন্তৰ্ভূক্ত কৰা ভাৰতৰ সাহিত্যিক আৰু বৌদ্ধিক ৰচনাৰ সংখ্যা ৬লৈ বৃদ্ধি পালে। ৰাজতৰংগিনি নামৰ গ্ৰন্থখনত কাশ্মীৰৰ ইতিহাসৰ বৰ্ণনাৰে সমৃদ্ধ আৰু মহাভাৰতত ধৰ্ম, কর্তব্য আৰু মানৱ প্ৰমূল্যৰ কথা কোৱা হৈছে। ইয়াৰ বিপৰীতে কৌটিল্যৰ অৰ্থশাদ্ভূত শাসন ব্যৱস্থা কূটনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয় উল্লেখ পোৱা যায়। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সদস্য সচিব ড০ সচ্চিদানন্দ যোশীয়ে গ্ৰন্থ তিনিখনৰ অন্তর্ভুক্তিৰ বিষয়ে সদৰি কৰে। উল্লেখযোগ্য যে শ্রীযোশীয়ে গ্রন্থ তিনিখন তালিকাত অনুর্ভুক্ত কৰোৱাৰ উদ্দেশ্যে মনোনয়ন প্ৰক্ৰিয়াৰ বাবে প্রয়োজনীয় নথি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।