কেন্দ্রীয় কর্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেন্সন দপ্তৰৰ ৰাজ্য মন্ত্রী ডাঃ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত ৰাষ্ট্ৰজোৰা ডিজিটেল জীৱন প্রমাণ পত্ৰ অভিযানৰ পঞ্চম সংস্কৰণ মুকলি কৰিব। পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগে আয়োজন কৰা এই মাহজোৰা আভিযান ৩০ নৱেম্বৰলৈ অব্যাহত থাকিব। মন্ত্রালয়ে প্রকাশ কৰা মতে ডিজিটেল প্রযুক্তি বিশেষকৈ জীবন প্রমাণ এপ্ ব্যৱহাৰ কৰি মুখমণ্ডলৰ জৰিয়তে সত্যাসত্য নিৰূপনেৰে পেন্সনাৰসকলৰ বাবে জীৱন প্রমাণপত্র দাখিলৰ প্ৰক্ৰিয়া অধিক সুচল আৰু সুবিধাজনক কৰি তোলাই এই অভিযানৰ মূল উদ্দেশ্য। ৰাজহুৱা খণ্ডৰ বেংক, ভাৰতীয় ডাক ধনাদায় বেংক, ইউ আই ডি এ আই, পেন্সনাৰ কল্যাণ সংস্থা আৰু বিভিন্ন মন্ত্রালয় তথা বিভাগৰ সহযোগত এই অভিযান ৰূপায়ণ কৰা হ’ব। এই অভিযানৰ জৰিয়তে ৮০ বছৰ বা ইয়াৰ উৰ্ধৰ জ্যেষ্ঠ পেন্সনাৰ, মহিলা পেন্সনাৰ আৰু স্বাস্থ্য সমস্যাত ভোগা পেন্সনাৰসকলক সুবিধা প্রদানত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। বয়স অথবা স্বাস্থ্যজনিত সমস্যাৰ বাবে অভিযানথলীত উপস্থিত হ’ব নোৱাৰা পেন্সনাৰসকলৰ বাবে ঘৰতেই জীৱন প্ৰমাণপত্ৰ দাখিলৰ সুবিধা উপলব্ধ কৰা হ’ব বুলি মন্ত্রালয়ে জানিবলৈ দিছে।
Assamese | November 6, 2026 9:48 AM | Life Certificate Launch
নতুন দিল্লীত ৰাষ্ট্ৰজোৰা ডিজিটেল জীৱন প্রমাণ পত্ৰ অভিযানৰ পঞ্চম সংস্কৰণ মুকলি