November 6, 2026 9:39 AM | PM Interact

printer

এছিয়ান পেৰা গেমছ ২০২৬ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতৰ ক্রীড়া সামগ্রী উদ্যোগ খণ্ডক ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত নতুন মান গঢ়ি তুলিবলৈ আৰু গোলোকীয় বজাৰত ভাৰতৰ স্থিতি সবল কৰি তুলিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি সদ্যসমাপ্ত এছিয়ান পেৰা গেমছ ২০২৬ ত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। এইবাৰ জাপানৰ আইচি নাগোয়াত অনুষ্ঠিত এছিয়ান পেৰা গেমছত ভাৰতে এতিয়ালৈকে সর্বোত্তম প্রদর্শন কৰে। মুঠ ৯৭ গৰাকী ভাৰতীয় পেৰা এথলীটে ৩০ টা সোণ, ৩৫ টা ৰূপ আৰু ৪৯ টা ব্ৰঞ্জৰ পদকসহ মুঠ ১১৪ টা পদক লাভ কৰে। এই কার্যসূচীত খেলুৱৈ, প্রশিক্ষক, ভাৰতৰ পেৰা অলিম্পিক সমিতি আৰু ইণ্ডিয়ান অলিম্পিক এছোচিয়েছনৰ বিষয়ববীয়া, ৰাষ্ট্ৰীয় ক্রীড়া ফেডাৰেছনৰ প্ৰতিনিধি, যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।