বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে চলিত বৰ্ষৰ কমনৱেল্থ ৰাষ্ট্ৰসমূহৰ চৰকাৰ প্রধানসকলৰ বৈঠকত ভাগ লোৱাৰ সুযোগতে এন্টিগুৱা আৰু বার্বুদাৰ প্রধানমন্ত্রী গেষ্টন ব্রাউনক সাক্ষাৎ কৰে। নেতা দুগৰাকীয়ে কালি অনুষ্ঠিত বৈঠকত বাণিজ্য আৰু বিনিয়োগ, খাদ্য প্ৰসংস্কৰণ আৰু নবীকৰণযোগ্য শক্তি খণ্ডত দ্বিপাক্ষিক সহযোগিতা প্ৰসাৰৰ উপায় সম্পর্কে আলোচনা কৰে। ড০ জয়শংকৰে প্রধানমন্ত্রী মোদীৰ হৈ তেওঁক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কমনৱেল ৰাষ্ট্ৰসমূহৰ চৰকাৰ প্ৰধানসকলৰ বৈঠক সফলতাৰে আয়োজন কৰাৰ বাবে অভিনন্দন জনায়। ইয়াৰ পূৰ্বে আন এখন বৈঠকত জয়শংকৰে এন্টিগুৱা আৰু বাৰ্বুদাৰ বিদেশ মন্ত্রী হেঁট গ্রীণৰ সৈতে স্বাস্থ্য সেৱা, শিক্ষা, ক্ষুদ্র আৰু মজলীয়া উদ্যোগ, প্রশিক্ষণ আৰু দক্ষতা খণ্ডত সহযোগিতা শক্তিশালী কৰি তোলা সম্পর্কে আলোচনাত মিলিত হয়। এই বৈঠকসমূহে কেৰিবিয়ান অঞ্চলজুৰি ভাৰতে অর্থনৈতিক আৰু উন্নয়ন অংশীদাৰিত্ব গভীৰ কৰি তুলিব বিচৰা বিষয়কে প্রতিফলিত কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে লগতে কমনৱেল্থ ৰাষ্ট্ৰৰ চৰকাৰ প্ৰধান আৰু ব্যৱসায়িক নেতাসকলৰ সৈতে পুৱাৰ আহাৰৰ সময়ত হোৱা বৈঠকত অংশগ্ৰহণ কৰি কমনৱেলৰ সহযোগী ৰাষ্ট্ৰসমূহে বিপদাংশকা হ্রাস কৰা আৰু ভিন ভিন খণ্ডলৈ কার্যকলাপ তথা বিনিয়োগ আদি সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে বিশ্বজুৰি বিয়পি থকা ভাৰতীয় ব্যবসায়িক সম্প্রদায়সমূহক কমনৱেল্থৰ বাবে এটা সম্পদ বুলি অভিহিত কৰে। তেওঁ শক্তিশালী অধিক সংযুক্ত আৰু সমৃদ্ধিশালী কমনৱে ৰাষ্ট্ৰৰ দৃষ্টিভংগী সম্পর্কেও আলোকপাত কৰে। ইয়াৰ পূৰ্বে ড০ জয়শংকৰে কমনৱেল্থ ৰাষ্ট্ৰসমূহৰ চৰকাৰ প্ৰধানসকলৰ বৈঠকৰ আপাহতে আলোচনাৰ সময়ত গায়ানাৰ ৰাষ্ট্ৰপতি ইৰফান আলীক দেশখনৰ পথ, স্বাস্থ্য সেৱা আৰু প্ৰতিৰক্ষা খণ্ডৰ বিভিন্ন প্রকল্প ৰূপায়ণৰ বাবে ৫০ কোটি মার্কিন ডলাৰৰ ঋণ সাহায্য ঘোষণা কৰে। দুয়োখন দেশে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউ পি আইৰ দৰে ধন আদায় ব্যৱস্থা, অতি ক্ষুদ্ৰ আৰু ক্ষুদ্র উদ্যোগৰ উৎপাদনৰ ক্ষেত্ৰত সহযোগিতা আৰু ক্ষিপ্ৰ প্ৰভাৱশালী প্রকল্প সন্দর্ভত তিনিখন চুক্তিত স্বাক্ষৰ কৰে।
Assamese | November 6, 2026 10:05 AM | S Jaishankar
এন্টিগুৱা আৰু বার্বুদাৰ প্রধানমন্ত্রী গেষ্টন ব্রাউনক সাক্ষাৎ মন্ত্রী ড০ এছ জয়শংকৰৰ