November 6, 2026 10:24 AM | Assam CM

printer

ৰাজ্যত অপৰাধজনিত ঘটনা চকুত লগা ধৰণে হ্রাস পাইছে : মুখ্যমন্ত্রী

ৰাজ্যত অপৰাধজনিত ঘটনা চকুত লগা ধৰণে হ্রাস পাইছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত শর্মাই দাবী কৰিছে। মুখ্যমন্ত্ৰীয়ে প্রকাশ কৰা মতে ২০২১ চনৰ তুলনাত ২০২৫ চনত অপৰাধজনিত ঘটনা ৬৮ শতাংশ হ্রাস পাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰে। মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি ৰাজ্যত অপৰাধজনিত ঘটনা হ্রাস পোৱাই নহয়, বৰং অপৰাধৰ গোচৰৰ ক্ষেত্ৰত অভিযোগনামা দাখিলৰ হাৰো দ্রুতগতিত বৃদ্ধি পাইছে। তেওঁ কয় যে ২০২১ চনত অপৰাধৰ সংখ্যা প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ৩৭৯ৰ পৰা ২০২৫ চনত ১২১ দশমিক ৫লৈ হ্রাস পাইছে। এই সময়ছোৱাত অভিযোগনামা দাখিলৰ হাৰ ৪৮.৮ শতাংশৰ পৰা ৮৭.৬৬ শতাংশলৈ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে। তেওঁ লগতে দোষী সাব্যস্তকৰণৰ হাৰ ২০২৬ চনত ৩০.৮৮ শতাংশলৈ বৃদ্ধি পোৱা বুলি জানিবলৈ দিয়ে। ৰাজ্যত দ্রুত তদন্ত আৰু দোষী সাব্যস্ত হোৱাৰ হাৰ উন্নত হোৱাৰ ফলত অপৰাধৰ হাৰ হ্রাস পাইছে বুলি তেওঁ মন্তব্য কৰে।