November 7, 2025 8:08 PM

views 36

মঙলদৈত শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱস্থলীত কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টি

ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস উপলক্ষে আজি মঙলদৈৰ সনাতন ধর্মসভা প্ৰাঙ্গনত চলি থকা শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱস্থলীত বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। মহিলাৰ স্তন আৰু জৰায়ু মুখৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন কৰ্কট ৰোগৰ লক্ষণ, প্ৰতিৰোধ, চিকিৎসা আদিৰ বিষয়ে ৰাইজক অৱগত কৰোৱা হয় ৷ দৰং কৰ্কট কেন্দ্ৰৰ উদ্যোগত আয়োজিত এই সজাগতা কাৰ্যসূচীত কর্কট চিকিৎসা প্রতিষ্ঠানখনৰ চিকিৎসক ডাঃ চহিদুল ইছলামকে ধৰি কেইবাগৰাকীও স্বাস্থ্য কর্মীয়ে অংশগ্ৰহণ কৰে।