November 6, 2026 10:33 AM | Jayanta Malla

printer

ৰাজ্যই নিলামৰ ৯ মাহৰ ভিতৰত খনিজ খণ্ডক কার্যক্ষম কৰি সফলতা অর্জন কৰিছে : মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ৰাজ্যই নিলামৰ ৯ মাহৰ ভিতৰত খনিজ খণ্ডক কার্যক্ষম কৰি বিশেষ সফলতা অর্জন কৰা বুলি খনি আৰু খনিজ পদার্থ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই প্ৰকাশ কৰিছে। গোৱাত অনুষ্ঠিত কয়লা আৰু খনি খণ্ডৰ সংস্কাৰ সম্পর্কীয় চতুর্থ সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কালি কয় যে কয়লা খণ্ডৰ ৰূপান্তৰৰ বাবে কেন্দ্রীয় চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ অসমতো কাৰ্যকৰী কৰাৰ ব্যৱস্থা লোৱা হৈছে। তেওঁ কয় যে বিগত দুই-তিনি বছৰত লোৱা সংস্কাৰমূলক ব্যৱস্থাসমূহ বাস্তৱায়িত কৰাৰ বাবে ৰাজ্যত বিশেষ পদক্ষেপ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে।

সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ প্ৰকাশ কৰি শ্ৰীমল্ল বৰুৱাই, কেন্দ্রীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্রী জি কিষাণ ৰেড্ডীয়ে খনি খণ্ডত অসম চৰকাৰে গ্ৰহণ কৰা উদ্যমৰ প্ৰশংসা কৰা বুলি জানিবলৈ দিয়ে।