July 9, 2026 12:51 PM

views 21

বনজ ৰাজহ এতিয়াৰেপৰা সম্পূর্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ’ব : মন্ত্রী জয়ন্ত মল্লবৰুৱা

ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰেপৰা সম্পূর্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব বুলি বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু জি এছ টি বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুর্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যবস্থা গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি...

June 6, 2026 7:53 PM

views 23

কামাখ্যা ধামৰ প্ৰস্তাৱিত ক’ৰিডৰ নিৰ্মাণ সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাৰ বৈঠক

শক্তিপীঠ কামাখ্যা ধামলৈ প্ৰস্তাৱিত ক’ৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্রী জয়ন্ত মল্লবৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জিলা আয়ুক্ত, চক্র বিষয়া, কামাখ্যা মন্দিৰৰ দুগৰাকী দলৈ আৰু স্থানীয় ৰাইজৰ প্ৰতিনিধিক লৈ এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কামাখ্যা ধামৰ উন্নয়নৰ আৰু যাত্ৰীৰ সা-সুবিধা বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সমাগত অম্বুবাচী মেলাৰ প্ৰস্তুতিও পর্যালোচনা কৰে। উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ...

December 18, 2025 4:10 PM

views 80

আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব

স্বচ্ছ আৰু মেধা ব্যক্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি ৪৩ গৰাকী নগৰীয়া কাৰিকৰী বিষয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত ১৬ গৰাকী যান্ত্ৰীক অভিযন্তা, ১১ গৰাকী বৈদ্যুতিক অভিযন্তা, ৮ গৰাকী জনস্বাস্থ্য অভিযন্তা, ৬ গৰাকী পৰিৱেশিক অভিযন্তা আৰু ২ গৰাকী ব্যৱহাৰিক অভিযন্তা আছে। দিছপুৰৰ লোকসেৱা ভৱনৰ চৌহদত আজি বিয়লি ৩ বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পত্ৰ প্ৰদান কৰিব। অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব।

November 20, 2025 9:19 PM

views 55

নাজিৰা পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নাজিৰা পৌৰসভাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে নাজিৰাৰ গান্ধী ময়দানত আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, যে পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰ দ্বাৰা নাজিৰা পৌৰসভাই ৰূপায়ণ কৰা আঁচনিসমূহে নগৰখনৰ সৰ্বাংগীণ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত শিমলুগুৰি পৌৰসভাৰো বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। বিয়লিৰ ভাগত তেওঁ আমগুৰি পৌৰসভাৰ জাৱৰ নিষ্কাষণ প্ৰ...

September 17, 2025 6:54 PM

views 65

প্রধানমন্ত্ৰী মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা স্বচ্ছতাই সেৱা আৰু সেৱাই সমৰ্পণ ২০২৫ শীৰ্ষক ৰাজ্যিক অনুষ্ঠানৰ গুৱাহাটী বশিষ্ঠ মন্দিৰ প্ৰাংগণত আজি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰে। স্বচ্ছ ভাৰত অভিযান, গ্রামীণ আৰু স্বচ্ছ ভাৰত অভিযান নগৰৰ সহযোগত গুৱাহাটী পৌৰ নিগমে আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি মন্ত্ৰী শ্ৰীমল্লবৰুৱাই কয়, যে প্রধানমন্ত্রী মোদীয়ে কার্যভাৰ গ্ৰহণ কৰাৰ পৰাই স্বচ্ছতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়েহে প্রধানমন্ত্...

May 20, 2025 7:18 PM

views 67

বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ শিলসাঁকোৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্রতিষ্ঠান উচ্ছেদ

গুৱাহাটী মহানগৰীক বানমুক্ত কৰাৰ লক্ষ্যৰে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে আজি শিলসাঁকোৰ অমিয় কুমাৰ দাস সামাজিক পৰিৱৰ্তন আৰু উন্নয়ন প্রতিষ্ঠান শীর্ষক এখন শিক্ষা প্রতিষ্ঠান উচ্ছেদ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপস্থিতিত অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই উচ্ছেদ অভিযান তদাৰক কৰে। শ্ৰীমল্লবৰুৱাই শিলসাঁকোক বৃহৎ জলাশয় হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান চলোৱা হৈছে বুলি উল্লেখ ক...

April 9, 2025 7:06 PM

views 118

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াবৰ্গৰ সৈতে জয়ন্ত মল্ল বৰুৱাৰ বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি দুপৰীয়া দিছপুৰৰ জনতা ভৱনত বিভাগীয় বিষয়াবৰ্গ, অসম স্থাৱৰ সম্পত্তি আৰু আন্তঃগাঁথনি উন্নয়ন সংস্থাৰ প্ৰতিনিধিবর্গ আৰু অনলাইন গৃহ নির্মাণ অনুমতি ব্যৱস্থাৰ ছফ্টৱেৰ ডেভেলপাৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অনলাইন গৃহ অনুমতি প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন বিষয় সামৰি লোৱা হয়। আলোচনাত ব্যৱস্থাটো স্বচ্ছ, সুশৃংখলিত আৰু অধিক কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে মানৱ হস্তক্ষেপ কম কৰাত গুৰুত্ব আৰোপ কৰা হয় ৷ মন্ত্ৰীগৰাকীয়ে বিয়লি ভাগলৈ গুৱাহাটী মহানগৰী...

April 9, 2025 12:55 AM

views 46

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পর্কে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত মঙলবাৰে বিয়লি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পর্কে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত যোৱা কেইটামান সপ্তাহত গুৱাহাটীৰ নলা, নৰ্দমা আৰু নৈসমূহৰ গেড আঁতৰোৱাৰ নিৰীক্ষণৰ বাবে অভিযন্তা, বিষয়া, পাৰিষদ আৰু সমাজকৰ্মীক লৈ গঠিত ২১ খন সমিতিৰ অগ্ৰগতিৰ বিশদ প্রতিবেদন গ্ৰহণ কৰা হয়।

March 19, 2025 9:18 PM

views 66

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীৰ গৰ্ডন চৰকাৰী হাইস্কুলৰ খেলপথাৰত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই বাছসেৱা আৰম্ভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে নলবাৰী চহৰত যান-বাহন ৰখাৰ সুবিধার্থে হাজো ৰোডৰ জিলিকনি চ’কত নৱনিৰ্মিত পার্কিং জ’নৰো উদ্বোধন কৰে। এই ব্যৱস্থাই নলবাৰী চহৰত যান-জঁট দূৰ কৰাত সহায় কৰিব। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত বৰ্...

January 22, 2025 6:21 PM

views 89

নলবাৰীত ১৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগ চিকিৎসালয়ৰ আধাৰশিলা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীত ১৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয়, যে টাটা প্ৰতিষ্ঠানৰ সহযোগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত হবলগীয়া এই চিকিৎসালয়খনৰ নিৰ্মাণকাৰ্য শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব আৰু ইয়াৰ ফলত জিলাখন তথা ইয়াৰ কাষৰীয়া অঞ্চলৰ ৰোগীসকল উপকৃত হ'ব। তেওঁ কয়, যে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ কৰ্মচাৰীসকলে ফেব্ৰুৱাৰীৰ পৰা ঘৰে ঘৰে গৈ ৰোগী অনাৰ ব্যৱস্থা কৰিব। আজিৰ অনুষ...