June 6, 2026 7:53 PM | Jayanta Malla

printer

কামাখ্যা ধামৰ প্ৰস্তাৱিত ক’ৰিডৰ নিৰ্মাণ সন্দৰ্ভত জয়ন্ত মল্লবৰুৱাৰ বৈঠক

শক্তিপীঠ কামাখ্যা ধামলৈ প্ৰস্তাৱিত ক’ৰিডৰ নিৰ্মাণ সন্দৰ্ভত আজি মন্ত্রী জয়ন্ত মল্লবৰুৱাই এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। জিলা আয়ুক্ত, চক্র বিষয়া, কামাখ্যা মন্দিৰৰ দুগৰাকী দলৈ আৰু স্থানীয় ৰাইজৰ প্ৰতিনিধিক লৈ এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কামাখ্যা ধামৰ উন্নয়নৰ আৰু যাত্ৰীৰ সা-সুবিধা বৃদ্ধিৰ সন্দৰ্ভতো আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে সমাগত অম্বুবাচী মেলাৰ প্ৰস্তুতিও পর্যালোচনা কৰে।

উল্লেখযোগ্য যে শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ’ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ’ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূর্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ-বিদেশৰ ভক্তৰ সমাগম হ’ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে ।