জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি নলবাৰীৰ গৰ্ডন চৰকাৰী হাইস্কুলৰ খেলপথাৰত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে এই বাছসেৱা আৰম্ভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে নলবাৰী চহৰত যান-বাহন ৰখাৰ সুবিধার্থে হাজো ৰোডৰ জিলিকনি চ’কত নৱনিৰ্মিত পার্কিং জ’নৰো উদ্বোধন কৰে। এই ব্যৱস্থাই নলবাৰী চহৰত যান-জঁট দূৰ কৰাত সহায় কৰিব। আজিৰ অনুষ্ঠানত জিলা আয়ুক্ত বৰ্ণালী ডেকা, বিজেপিৰ জিলা সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱা, নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদীপ ডেকা আৰু পৌৰপতি জয়শ্ৰী তালুকদাৰ উপস্থিত থাকে।
Assamese | March 19, 2025 9:18 PM | Akashvani Guwahati | Jayanta Malla | Nalbari
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ যাতায়াতৰ বাবে বাছ সেৱা মুকলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ