December 20, 2024 8:35 PM

views 38

গুৱাহাটীত পৌৰ নিগম আৰু পৌৰসভা তথা নগৰীয়া স্থানীয় সংস্থাৰ প্ৰতিনিধিৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি গুৱাহাটীত পৌৰ নিগম আৰু পৌৰসভা তথা নগৰীয়া স্থানীয় সংস্থাৰ প্ৰতিনিধিৰ সৈতে এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত নগৰীয়া সমস্যাৰ লগতে সঠিক অনাময় নিশ্চিত কৰা, বিশুদ্ধ খোৱাপানীৰ যোগান ধৰা, উপযুক্ত নিস্কাষণ ব্যৱস্থা নিৰ্মাণ কৰা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকখনত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ, উপ মেয়ৰ, পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতিৰ লগতে নগৰ উন্নয়ন প্ৰাধিকৰণ আৰু কাৰ্যবাহী বিষয়াসকল উপস্থিত থাকে।

October 9, 2024 6:56 PM

views 29

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত পর্যালোচনা বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় পৰ্যটন দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱটৰ অধ্যক্ষতাত আজি ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যসমূহলৈ মূলধনী বিনিয়োগৰ বাবে আগবঢ়োৱা বিশেষ সাহায্যৰ বিষয়ে আলোচনা কৰা হয়। ৰাজ্যসমূহৰ বিখ্যাত পৰ্যটনস্থলীসমূহ বিশ্বমানলৈ উন্নীত কৰি বহনক্ষম পৰ্যটনৰ যোগেদি স্থানীয় লোকৰ নিযুক্তি সৃষ্টি কৰাৰ বিষয়েও বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰী শ্ৰী মল্লবৰুৱাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে। তেওঁ কয় যে কেন্দ্ৰীয় পর্যটন...

September 24, 2024 12:36 PM

views 91

শিৱসাগৰ-চৰাইদেউৰ স্বচ্ছ ভাৰত মিছন গ্রামীণ আৰু জলজীৱন মিছনৰ কাৰ্যকৰীকৰণ তথা পৰিকল্পনা সন্দৰ্ভত বৈঠক

দক্ষতা, নিয়োগ আৰু উদ্যমিতা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ স্বচ্ছ ভাৰত মিছন গ্রামীন আৰু জলজীৱন মিছনৰ কাৰ্যকৰীকৰণ তথা পৰিকল্পনা সন্দৰ্ভত চাহ বাগিছাৰ পৰিচালক, কৰ্তৃপক্ষ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে কালি এখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত চাহ বাগিছা এলেকাসমূহত দুয়োখন আঁচনিৰে এশ শতাংশ ৰূপায়ণ, প্ৰতিটো বাসগৃহত শৌচাগাৰ স্থাপন তথা আঁচনিসমূহৰ কাৰ্যকৰীকৰণৰ বাবে বুজাবুজিৰ চুক্তিও চূড়ান্ত কৰা হয়। ইয়াৰ লগতে বাগিচাৰ শ্ৰমিকসকলে যাতে দুবাৰ নিয়মিত খোৱাপানী লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ বাগি...