July 9, 2026 12:51 PM | Jayanta Malla

printer

বনজ ৰাজহ এতিয়াৰেপৰা সম্পূর্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ’ব : মন্ত্রী জয়ন্ত মল্লবৰুৱা

ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা বনজ ৰাজহ এতিয়াৰেপৰা সম্পূর্ণ ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰা হ’ব বুলি বন আৰু পৰিৱেশ মন্ত্রী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কালি সন্ধিয়া বন আৰু জি এছ টি বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কোনো লোকৰ পোনপটীয়া হস্তক্ষেপ নাথাকিব। ৰাজ্যত বনজ ৰাজহ সংগ্ৰহ ব্যৱস্থাক অধিক স্বচ্ছ, গতিশীল আৰু দুর্নীতিমুক্ত কৰাৰ লক্ষ্যৰে এনে ব্যবস্থা গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰি শ্রী মল্লবৰুৱাই কয়, যে অনলাইন ব্যৱস্থাৰে সংগ্রহ কৰা ৰাজহ পোনে পোনে চৰকাৰী কোষাগাৰত জমা হ’ব। এতিয়াৰেপৰা বন বিষয়া বা কৰ বিষয়াই কৰ সংগ্ৰহৰ পৰিৱৰ্তে মাত্র নথিহে পৰীক্ষা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে বৈধভাবে ব্যৱসায় চলোৱা আৰু সততাৰে কৰ পৰিশোধ কৰা থলুৱা ব্যৱসায়ীসকলে যাতে ৰাষ্ট্ৰীয় ঘাইপথত অযথা বাধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰবাবেও ব্যৱস্থা লোৱা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।