ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জিলা আয়ুক্ত, বন বিভাগৰ বিষয়া আৰু জনজাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক

জনজাতীয় লোকৰ ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত লক্ষীমপুৰ, ধেমাজি আৰু মাজুলীৰ জিলা আয়ুক্তসকলৰ লগতে বন বিভাগৰ বিষয়া আৰু জনজাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত মিছন বসুন্ধৰা ৰূপায়ন, জনজাতীয় বসতিপ্রধান অঞ্চলসমূহত ভূমি নিষ্পত্তিৰ সমস্যা, যোগ্য জনজাতীয় পৰিয়াললৈ ৫০ বিঘালৈকে ভূমি আৱণ্টন আৰু মিছন বসুন্ধৰাৰ দ্বিতীয় আৰু তৃতীয় পৰ্য্যায়ত নিষ্পত্তি নোহোৱা গোচৰসমূহ চতুর্থ পৰ্য্যায়ত পুনৰীক্ষণৰ বিষয়লৈ বিশদভাৱে আলোচনা কৰা হয়।

মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্য্যায়ৰ অধীনত মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে প্রযোজ্য নীতি-নির্দেশনাসমূহ প’ৰ্টেলত উল্লেখ কৰা, ভূমিৰ অনলাইন আবেদন প্রক্রিয়া সৰল কৰি তোলাৰ অৰ্থে জনগোষ্ঠী দুটাৰ যুৱক-যুৱতী সকলক প্ৰশিক্ষণ প্ৰদান আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত কিস্তিৰ ধন জমা দিব নোৱাৰাৰ ফলত সৃষ্টি হোৱা সমস্যা দূৰ কৰাৰ বাবে ধন জমা দিয়াৰ সময়সীমা বৃদ্ধিকে ধৰি কেইবাটাও পদক্ষেপ গ্রহণ বিষয়ে মুখ্যমন্ত্ৰীয়ে বৈঠকত অৱগত কৰে।

তেওঁ লগতে মৰাণ আৰু মটক জনগোষ্ঠীৰ ভূমি সম্পৰ্কীয় সমস্যা ৰাজিৰ পুংখানুপুংখ আলোচনা কৰি এই সমূহৰ সমাধানৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হ’ব বুলি আশ্বাস দিয়ে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মা তিনিচুকীয়ালৈ ৰাওনা হয়।

তিনিচুকীয়া ভ্ৰমণকালত ড° শৰ্মাই চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহে জিলাখনৰ আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ লগতে উন্নয়নৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই কাইলৈও চহৰখনত কেইবাটাও প্ৰকল্পৰ আধাৰিশলা স্থাপন কৰি বিয়লি বিয়লি কচুজান খেলপথাৰত চলি থকা মৰাণ ক্রীড়া মহোৎসৱত অংশগ্ৰহণ কৰাৰ কথা।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।